উত্তৰ-পূবৰ জলপথ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিব ৫ হাজাৰ কোটি টকাঃ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

উত্তৰ-পূবৰ জলপথ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিব ৫ হাজাৰ কোটি টকাঃ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূবৰ জলপথ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিব ৫ হাজাৰ কোটি টকা। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ-জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে। কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ ঘোষণা- উত্তৰ-পূবৰ ৫০ হাজাৰ যুৱক-যুৱতীয়ে আগন্তুক সময়ছোৱাত সামুদ্রিক খণ্ডত চাকৰি লাভৰ বাবে উপযুক্ত প্রশিক্ষণ লাভ কৰিব।নৰেন্দ্ৰ মোদী নেতৃত্বাধান কেন্দ্ৰীয় চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গুৱাহাটীৰ হোটেল ভিভান্টাত এখন সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ বিভাগীয়  কাম-কাজসমূহৰ বিস্তৃত বৰ্ণনা কৰে। তেওঁ কয় যে বিগত ১১টা বছৰত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে দেশৰ সামুদ্রিক খণ্ডত অভিলেখসূচক বৃদ্ধিৰে মালবাহী পৰিচালনা, ক্ষমতা বৃদ্ধি আৰু উপকূলীয় জাহাজ পৰিবহণৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে। দেশৰ প্ৰধান বন্দৰসমূহৰ ক্ষমতা প্রায় দুগুণ বৃদ্ধি কৰিছে। ক্রুজ পৰ্যটনৰ বিকাশৰ লগতে নতুন টার্মিনেলৰ পৰিকল্পনাও চলিছে। ভাৰতৰ বিমান বন্দৰসমূহ এতিয়া বিশ্বমানৰ হৈছে। বিশ্ব বেংকৰ শীৰ্ষ ১০০টাৰ তালিকাত ভাৰতৰ ৯টা বিমানবন্দৰে স্থান পাইছে আৰু বিশাখাপট্টনম বিমানবন্দৰত শীর্ষ ২০টাৰ ভিতৰত স্থান লাভকৰিছে। সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিযুক্তিৰ ক্ষেত্ৰত তেওঁৰ বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি কয় যে আগন্তুক সময়ছোৱাত উত্তৰ-পূবৰ যুৱক-যুৱতীসকলক সামুদ্রিক দক্ষতাৰ প্ৰশিক্ষণ দিয়াৰ বাবে যি লক্ষ্য নির্ধাৰণ কৰা হৈছে, ইয়াৰ জৰিয়তে চাকৰিৰ সুযোগ প্রদান কৰা হ’ব। গুৱাহাটীৰ মেৰিটাইন স্কিল ডেভেলপমেন্ট চেণ্টাৰ আৰু ডিব্ৰুগড়ত নির্মাণ হ’বলগীয়া সামুদ্রিক উৎকর্ষতা কেন্দ্রই এই দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সামুদ্রিক উৎকর্ষতা কেন্দ্ৰ বিকাশৰ বাবে ২০০ কোটি টকাৰ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। এই দুয়োটা কেন্দ্ৰৰ প্ৰশিক্ষণৰ ফলত বছৰি ৫,০০০ চাকৰিৰ সৃষ্টি হ’ব। আনহাতে, বিগত ২ বছৰত উত্তৰ-পূবৰ অন্তঃদেশীয় জলপথ খণ্ডত ১,০০০ কোটি টকাৰ প্ৰকল্প গ্রহণ কৰা হৈছে বুলি জানিবলৈ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই প্রকল্পৰ ভিতৰত ৩০০ কোটি টকাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ৭০০ কোটি টকাৰ কাম চলিত বৰ্ষতে সম্পূর্ণ হ’ব। এই প্ৰকল্পৰ প্ৰধান পদক্ষেপসমূহৰ ভিতৰত আছে পাণ্ডু, যোগীঘোপা, ধুবুৰী, বগীবিল, কৰিমগঞ্জ আৰু বদৰপুৰত স্থায়ী মালবাহী টার্মিনেল, বছৰজুৰি ফেয়াৰ ৱে নিশ্চিত কৰাৰ নিয়মীয়া ড্রেজিং, পাণ্ডু বন্দৰলৈ নতুন প্ৰৱেশ পথৰ নিৰ্মাণ, ডিব্ৰুগড় জলপথৰ ঐতিহ্য পুনৰুদ্ধাৰ, ২৯৯ কোটি টকাৰ পৰ্যটন জেটি, গুৱাহাটী আৰু ডিব্ৰুগড়ত দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘগতে জানিবলৈ দিয়ে যে অচিৰেই তেওঁৰ বিভাগে গুৱাহাটীৰ পাণ্ডুত, বগীবিল, বিশ্বনাথ ঘাট আৰু শিলঘাটত লাইট হাউছ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে। ইয়াৰ জৰিয়তে বতৰৰ জাননী আগতীয়াকৈ লাভ কৰাৰ সমান্তৰালভাৱে পৰ্যটনৰো আকৰ্ষণৰ কেন্দ্ৰ হ’ব। তেওঁ ইয়াকো উল্লেখ কৰে যে গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়ত ৱাটাৰ মেট্ৰ’ৰ কাৰ্যকৰিতাৰ সম্ভাব্য অধ্যয়ন সম্পূৰ্ণ হৈছে আৰু কেন্দ্ৰীয় আঁচনিৰ অধীনত ৱাটাৰ মেট্ৰ’ৰ বাবে বাহন ক্ৰয় কৰা হৈছে। তদুপৰি বিশ্বৰ আগশাৰীৰ লজিষ্টিক কোম্পানী ৰেনাছে এইবছৰৰ ভিতৰতে ব্ৰহ্মপুত্ৰ আৰু বৰাকত পৰিৱেশ অনুকূল বাৰ্জ চলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। যাত্ৰী আৰু মালবাহী জাহাজ চলাচল বৃদ্ধিৰ বাবে উত্তৰ-পূবত ৮৫টা কমিউনিটী জেটি নিৰ্মাণৰ পদক্ষেপো লোৱা হৈছে। আনহাতে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে অৰ্থনৈতিক উন্নয়নৰ শিখৰলৈ আৰোহণ কৰা বুলি উল্লেখ কৰি সোণোৱালে কয় যে মোদীৰ নেতৃত্বতে বিশ্বত চতুর্থ বৃহৎ অর্থনৈতিক ৰাষ্ট্ৰত পৰিণত হৈছে ভাৰত। প্ৰধানমন্ত্ৰীৰ নেতৃত্বতে যোৱা ১১টা বছৰত উত্তৰ-পূবত ৬ লাখ কোটিৰ আৰ্থিক অনুদান প্রদান কৰা হৈছে। ইউপিএ চৰকাৰৰ ১০ বছৰৰ শাসনকালত ইয়াৰ পৰিমাণ আছিল মাত্র ১.৪ লাখ কোটি টকা।