উত্তৰ গুৱাহাটী বিহলঙনী বৰনামঘৰত আৰম্ভ হৈছে দশম কামৰূপ জিলা টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ

উত্তৰ গুৱাহাটী বিহলঙনী বৰনামঘৰত আৰম্ভ হৈছে দশম কামৰূপ জিলা টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ গুৱাহাটী বিহলঙনী বৰনামঘৰ খেলপথাৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দশম কামৰূপ জিলা টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাত কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ৫০০তকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। উদ্বোধনী অনুষ্ঠানটো শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী হিৰণ্য বৰা আৰু নিৰঞ্জন বৰাই। অনুষ্ঠানটোত সভাপতিত্ব কৰে কামৰূপ জিলা টাইকোৱাণ্ডো এছোচিয়েছনৰ সম্পাদক প্ৰাঞ্জন বুঢ়াগোহাঁয়ে।এই প্ৰতিযোগিতাত ৮ বছৰৰ অনুৰ্ধ্ব চাব-জুনিয়ৰ, কেডেট, মেডিয়াম, চাব-গার্লছ, আৰু ছিনিয়ৰ শাখাত বিভিন্ন ইভেণ্ট অনুষ্ঠিত হ’ব।বিশেষ অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন আন্তৰাষ্ট্ৰীয় খেলুৱৈ দিগন্ত বরা, সাংবাদিক কৌশিক দাস, আৰু মুকুটেশ্বৰ গোস্বামী। তেওঁলোকৰ লগতে ৰাজ্যৰ আগশাৰীৰ কেইবাগৰাকী খেলুৱৈক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।উল্লেখযোগ্য যে, কাইলৈ অনুষ্ঠিত হ’ব লাভলীনা বৰগোঁহাই সদৌ অসম টাইকোৱাণ্ডো হিৰণ্য শইকীয়া ইভেণ্ট, যি এই প্ৰতিযোগিতাৰ মুখ্য আকৰ্ষণ।