উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী বনাঞ্চলৰ ধংস কৰা বনদস্যুক আটক
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ গুৱাহাটী চিলা বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়াৰ কাৰ্য্যালয়ৰ অধীনত থকা দীৰ্ঘেশ্বৰী বনাঞ্চলত আজি কিছু দিন ধৰি মূল্যবান শাল গছ চোৰাংকৈ কাটি কলা ব্যৱসায় চলাই থকা বনদস্যু এগৰাকী ধৰা পৰা বুলি বন বিভাগে জানিব দিছে। তেওঁ লোকে জানিব দিয়া মতে দীৰ্ঘদিন ধৰি এচাম চোৰাং বেপাৰীয়ে বনাঞ্চল খনত মূল্যবান শাল কাঠৰ চোৰাং ব্যৱসায় চলাই আছিল। অজি দুদিন আগতে খণ্ড বন বিষয়া নয়নমনি দাসৰ নেতৃত্বত যোৱা দ’ল এটাই বহু পৰিমাণৰ শাল কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় যদিও চোৰাং বেপাৰী কেইজন জংঘলৰ আৰ লৈ পলাই যায়। তাৰ পিছতে বন বিভাগৰ বিষয়া সকল চোৰাং কাঠৰ বেপাৰীৰ বিৰূদ্ধে সজাগ হৈ পৰে আৰু চোৰাং বেপাৰী কেইটাক ধৰিবলৈ তৎপৰ হৈ পৰে। যোৱা কালিৰ পৰা ৰঙিয়া সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক সঞ্জীৱ বৰদলৈ আৰু চিলা আঞ্চলিক বন বিষয়া সিদ্ধাৰ্থ পেগুৰ নেতৃত্বত এটা দলে স্নীফাৰ ড’গৰ সহায়ত চোৰাং বেপাৰীৰ বিৰূদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰে। স্নীফাৰ ড’গৰ সহায়ত চলোৱা অভিযানত চন্দ্ৰা গাঁৱৰ বসন্ত দাসৰ বাসগৃহৰ চৌহদত শাল গছৰ বহু কেইটা মূল্যবান কুণ্ডা উদ্ধাৰ কৰে। বৰ্তমান বসন্ত দাসক বন বিভাগৰ চিলা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত ৰখা হৈছে।