উত্তৰ গুৱাহাটীত “হস্তশিল্প আৰু টেৰাকোটা (পোৰামাটি ) শিল্প কৰ্মশালাৰ আয়োজন

উত্তৰ গুৱাহাটীত “হস্তশিল্প আৰু টেৰাকোটা (পোৰামাটি ) শিল্প কৰ্মশালাৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ গুৱাহাটীৰ অগ্ৰণী চিত্ৰকলা বিদ্যালয় ” অসম ফেকাল্টি অব্ ফাইন আৰ্টছ এণ্ড ক্ৰাফট্” ৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা”জনকল্যান চছাইটি আৰু সাংস্কৃতিক বিদ্যালয়, অসম” , ” আলোক্য ফাউনণ্ডেচন” ৰ সহযোগত অহা ইং ২৪/০৭/২০২৫ তাৰিখৰ পৰা ২৭/০৭/২০২৫ লৈ, প্ৰতিদিনে বিয়লি ২:৩০ বজাৰ পৰা, উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ডস্থিত চন্দ্ৰকুমাৰ বৰদলৈ জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণত এখন “হস্তশিল্প আৰু টেৰাকোটা (পোৰামাটি) শিল্প ” কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাখনত মুখ্য সমল ব্যক্তি ৰূপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাস্কৰ তথা চিত্ৰশিল্পী হৰেকৃষ্ণ তালুকদাৰ দেৱ আৰু তেওঁৰ সহযোগীসকল । ৫ বছৰৰ পৰা উৰ্দ্ধৰ প্ৰতিজন শিশু আৰু ব্যক্তিয়ে এই কৰ্মশালাখনত অংশগ্ৰহন কৰিব পাৰিব আৰু পঞ্জীয়ন মাছুল ১০০০/- টকা । কৰ্মশালাৰ অন্তিম দিনা অসমৰ কলা -সাংস্কৃতিক জগতৰ বিশেষ ব্যক্তিৰ উপস্থিতিত প্ৰশিক্ষাৰ্থীৰ স্ব-নিৰ্মিত সামগ্ৰীৰ এখন প্ৰৰ্দশনী অনুষ্ঠিত কৰা হ’ব আৰু অংশগ্ৰহনকাৰী সকলোকে উপহাৰ আৰু মানপত্ৰ প্ৰদান কৰা হ’ব । কৰ্মশালাত যোগদানৰ প্ৰ-পত্ৰ সংগ্ৰহ তথা সৱিশেষ তথ্য লাভৰ বাবে যোগাযোগ কৰক- ৯৩৬৫৬৭৬১৫৬ /৯৬৭৮৩৪২১৯৫/৭৬৩৬০১৯৭২৭