উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্রীড়া একাডেমী মুকলি মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ক্ৰীড়াখণ্ডত অন্তৰ্ভুক্ত হ’ল দুখন নতুন উন্নত মানৰ একাডেমী । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে উত্তৰ গুৱাহাটীৰ উত্তৰ ফুলুঙত অসম ক্রিকেট সন্থাই নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ক্রিকেট একাডেমীখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ সমান্তৰালকৈ গুৱাহাটী টাউন ক্লাবে নিৰ্মাণ কৰা এখন ফুটবল একাডেমীও ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই। এই একাডেমী দুখনত ল’ৰা আৰু ছোৱালীৰ বাবে ৬০খন বিছনাযুক্ত সুকীয়া সুকীয়া হোষ্টেলৰ সুবিধা থাকিব বুলিও উল্লেখ কৰে। ক্রিকেট একাডেমীখনত ১০খন প্রেক্টিচিং উইকেট ফিল্ড আৰু ৫খন চেন্ট্রেল উইকেট ফিল্ড গঢ়ি তোলা হৈছে। এই একাডেমী দুখন স্থাপনৰ বাবে ৬ বছৰ আগতে ২০১৮ চনত অসম ক্রিকেট সন্থা আৰু গুৱাহাটী টাউন ক্লাবক অসম চৰকাৰে ভূমি প্ৰদান কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ডিব্ৰুগড়ত ৪০০০ কোটি টকা ব্যয়সাপেক্ষে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন নিৰ্মাণ কৰা কথা উল্লেখ কৰে। ইয়াৰ সমান্তৰালকৈ যোৰহাট আৰু কোকৰাঝাৰতো ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই। আনহাতে ২০২৭ চনত ৰাষ্ট্ৰীয় ক্রীড়া অসমত অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ বাবে চন্দ্ৰপুৰত এখন ষ্টেডিয়াম নির্মাণ কৰাৰ কথাও উল্লেখ কৰে। ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ছেপ্টেম্বৰত গুৱাহাটীত আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ লীগ মেচৰ লগতে ফাইনেল মেচখন অনুষ্ঠিত হ’ব বুলি ব্যক্ত কৰাৰ লগতে সমগ্র অসমত বর্তমান প্রায় ১০০খন ষ্টেডিয়াম নিৰ্মাণ কৰি থকা বুলি সদৰি কৰে। এই অনুষ্ঠানত ৯৮ বছৰীয়া অসমৰ প্ৰথমগৰাকী ৰঞ্জি খেলুৱৈ নৱ কমল ভূঞা উপস্থিত থকাৰ লগতে বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া, অসম ক্রিকেট সন্থাৰ ক্ৰিকেট একাডেমীৰ অধ্যক্ষ ৰাজেন্দ্ৰ সিং উপস্থিত থাকে। ইয়াৰ উপৰি অসম মন্ত্রীসভাৰ স্বাস্থ্য, গুৱাহাটী উন্নয়ন আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্রকে আদি কৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে।