উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি ‘আপ’ৰ

উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি ‘আপ’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য নির্বাচন আয়োগে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা লগে লগে সম্পূর্ণ ২৮ টা সমষ্টিতে পূর্ণ শক্তিৰে প্রতিদ্বন্দিতা কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে আম আদমি পার্টীয়ে। দলৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ৰ এক সংবাদ মেল সম্বোধন কৰি দলটোৰ সাংগঠনিক সম্পাদিকা পুনম গগৈযে কয় যে আগন্তুক পার্বত্য পষিদৰ নিৰ্বাচনত বিজেপি প্রতিহত কৰাৰ লক্ষ্যৰে আজিৰে পৰা প্রার্থিত্ব প্রত্যাশীসকলৰ পৰা আনুষ্ঠানিকভাবে আবেদন পত্ৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিছে। প্ৰতিটো সমষ্টিত প্রতিগৰাকী প্রার্থিত্ব প্রত্যাশীসকলক দলৰ কাৰ্যালয়ত প্ৰ-পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। অহা ২১ ডিচেম্বৰৰ পূৰ্বে দলৰ উত্তৰ-পূৱ ভাৰতৰ তত্ত্বাবধায়ক ৰাজেশ শর্মা আৰু ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে প্ৰাৰ্থীৰ তালিকা সংবাদমেলযোগে প্রকাশ কৰিব জানিবলৈ দিয়ে। সংবাদ মেলত পুনম গগৈয়ে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ উন্নয়নৰ বাবে ‘আপ’ দলৰ আৰ্হিবে নিৰ্বাচনৰ অংশগ্রহণ কৰিব বিচৰা ইচ্ছুক প্রার্থীসকলক 6913240496 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে দুর্নীতিৰে ভৰা ডিমা হাছাও জিলাত তিনি বছৰ ধৰি অতিৰিক্ত উপায়ুক্তৰ দায়িত্বত থকা আপৰ নেত্রী পুনম গগৈয়ে এইবাৰ নিৰ্বাচনত ‘আপ’ৰ প্রার্থীক জয়ী কৰোৱাৰ সংকল্প গ্রহণ কৰিছে। আগন্তুক নিৰ্বাচনত দলটোৰ বহুকেইজন ৰাষ্ট্রীয় নেতাই প্ৰচাৰ অভিযান চলাব বুলি জানিবলৈ দিয়ে। উক্ত সংবাদমেলত ৰাজ্যিক সম্পাদক ভিক্টৰ গগৈ, সাংগঠনিক সম্পাদক মামুন ইমদাদুল হক চৌধুৰী আৰু জয়ন্ত শইকীয়াও উপস্থিত থাকে।