উত্তৰাখণ্ডৰ পৰা ঘৰমুখী অসমৰ জোৱানৰ ৰহস্যজনক মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰাখণ্ডৰ কৰ্মস্থলীৰ পৰা তিনিচুকীয়া জিলাৰ কাক পথাৰৰ ঘৰলৈ ওভতাৰ পথত সীমান্ত পথ সংস্থা (BRO)ত কৰ্মৰত এগৰাকী অসমীয়া জোৱানৰ মৃত্যুৱে এতিয়া তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাকপথাৰৰ ওপৰ উবন গাঁৱৰ ৪৮ বছৰীয়া জয়ন্ত গগৈ নামৰ জোৱানজনে ৰে’লেৰে ঘৰলৈ আহি থকা অৱস্থাত দেওবাৰে নিশা উত্তৰ প্ৰদেশত ৰহস্যজনকভাৱে স্থানীয় লোকে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। সেয়া এক হত্যাকাণ্ড বুলি উল্লেখ কৰি জয়ন্ত গগৈৰ পত্নীয়ে কয়- ‘ঘৰলৈ আহি থাকোঁতে মই কথা পাতিয়েই আছিলোঁ। দেওবাৰে নিশা প্রায় ৯.৩০ বজাত মই ভাত বাঢ়ি থাকোঁতে শেষবাৰৰ বাবে ফোন কৰিছিল আৰু তেতিয়াই কৈছিল যে মই চাগে আৰু ঘৰলৈ ঘূৰি যাব নোৱাৰিম, মোক দালালে পালে।’ মই তেতিয়া আৰক্ষীৰ সহায় ল’বলৈ কৈছিলোঁ, কিন্তু ইয়াত কোনো আৰক্ষী নাই বুলি ক’লে। তাৰ পাছতে ফোনটো সংযোগ বিচ্ছিন্ন হৈ পৰে। বাৰম্বাৰ ফোন কৰিও কোনো যোগাযোগ হোৱা নাছিল। আনহাতে মাতৃয়ে ভাগি পৰি কয়-এয়া কোনো দুর্ঘটনা নহয়। এয়া এক হত্যাকাণ্ড। আৰক্ষীয়ে উচিত তদন্ত কৰক। কোনে মাৰিলে তাৰ বিৰুদ্ধে ব্যৱস্থা লওক। সি বহু বছৰ ধৰি ঘৰলৈ ৰে’লেৰেই অহা-যোৱা কৰি থাকে। এয়া কেতিয়াও মৃত্যু হ’ব নোৱাৰে। ৯ বজালৈ কথা পতাৰ পাছত কোনো ফোন পোৱা নাছিল। পাছত প্রায় ১১ বজাত ফোনত অন্য লোকক পাই খবৰটো দিয়ে। ফোনত মৃতদেহটো ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰা বুলি উল্লেখ কৰে। কোনোবা এটা স্থানত মৃতদেহটো ৰাখিছে বুলি উল্লেখ কৰে। পাছত থানাত এজাহাৰ দিবলৈ পৰামৰ্শ দিয়ে আৰু আৰক্ষীয়ে যোগাযোগ কৰে। পত্নী আৰু দুগৰাকী কন্যাক এৰি যোৱা জয়ন্ত গগৈৰ মৃত্যুৰ এতিয়া ন্যায় বিচাৰিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকসকলে। সীমান্ত পথ সংস্থাত কৰ্মৰত এগৰাকী জোৱানক এনেদৰে ৰে’লেৰে আহি থকা অৱস্থাত দুর্বৃত্তই হত্যা কৰা ঘটনাই শোকৰ ছাঁ পেলোৱাৰ লগতে তীব্র প্রতিক্রিয়াও সৃষ্টি হৈছে সমগ্র কাকপথাৰ অঞ্চলটোত। ইতিমধ্যে জোৱানগৰাকীৰ মৃতদেহ আনিবলৈ পৰিয়ালৰ লোকে উত্তৰ প্ৰদেশলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।
