উত্তৰাখণ্ডৰ চাম’লীত ডাৱৰ বিস্ফোৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰাখণ্ডৰ উত্তৰ কাশীত ডাৱৰ বিস্ফোৰণৰ পিছত এইবাৰ চাম’লী জিলাত ডাৱৰ বিস্ফোৰণ। ডাৱৰ বিস্ফোৰণৰ ফলত নিমিষতে সৃষ্ট বানত জিলাখনৰ থাৰালি গাঁৱত কেইবাটাও বাসগৃহ উটুৱাই লৈ যায়। বোকা-পানীৰে আৱৰ্জনাৰ মাজত দুজন লোক উটি যোৱাৰ ফলত লোক দুজনৰ মৃত্যু হৈছে। শুকুৰবাৰে নিশা হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত অঞ্চলটোত বিস্তৰ ক্ষতিসাধন হৈছে। বাসগৃহৰ লগতে বাট-পথ আৰু আন্তঃগাঁথনি বিধ্বস্ত হৈছে। ক্ষতিগ্রস্ত অঞ্চলত উদ্ধাৰ অভিযান চলাই থকা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ ধামিয়ে উদ্ধাৰ অভিযান নিৰীক্ষণ কৰি আছে। জিলা প্রশাসন, এছডিআৰএফ আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ক্ষতিগ্রস্ত লোকক উদ্ধাৰ চলাই আছে। ক্ষতিগ্ৰস্ত অঞ্চলটোৰ পৰা দুৰ্দশাগ্রস্ত লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। ডাৱৰ বিস্ফোৰণৰ পিছতে নেৰানেপেৰা প্ৰবল বৰষুণে অঞ্চলটোলৈ অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰিছে। থাৰালি অঞ্চলৰ সকলো শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। উল্লেখ্য যে বতৰ বিজ্ঞান বিভাগে উত্তৰাখণ্ডত প্ৰবল বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এলার্ট জাৰি কৰিছে। চাম’লীৰ পূৰ্বে উত্তৰ কাশী জিলাত ডাৱৰ বিস্ফোৰণে হর্ষিল আৰু ধাৰালিত জল প্রলয় বিভীষিকাৰ সৃষ্টি কৰিছে। অর্ধশতাধিক লোকে প্রাণ হেৰুওৱাৰ লগতে গাঁওখন বোকা মাটিত পোত গৈছে। উদ্ধাৰ অভিযান এতিয়ালৈকে সামৰা নাই। ইয়াৰ মাজতে পুনৰ চাম’লী জিলাত ডাৱৰ বিস্ফোৰণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।