উত্তৰাখণ্ডত সংঘটিত হোৱা হিমস্খলনৰ ঘটনাত ৮০ জন লোক নিহত আৰু ২০৪ জন এতিয়াও সন্ধানহীন

pc The Economic Times

অনলাইন বাৰ্ত্তাসেৱা – ৭ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ চামোলী জিলাত সংঘটিত হোৱা হিমস্খলনৰ ফলত ৮০ জন লোকৰ মৃত্যু হৈছিল আৰু ২০৪ জন এতিয়াও সন্ধানহীন হৈ আছে বুলি চৰকাৰে মঙলবাৰে লোকসভাত জানিবলৈ দিয়ে। ৰাজ্যিক মন্ত্ৰী (গৃহ) নিত্যানন্দ ৰায়ে ঋষিগঙ্গাত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত আকস্মিক বানপানীৰ সৃষ্টি হোৱাবুলি ব্যাখ্যা কৰে। তেওঁ লগতে কয় যে ১৩.২ মেগাৱাট জলবিদ্যুৎ প্ৰকল্প ধুই নিছিল আৰু তাপোভানত এটা নিৰ্মাণাধীন জলবিদ্যুৎ প্ৰকল্প প্ৰভাৱিত হৈছিল।

(UD.)