উত্তৰাখণ্ডত ভয়ংকৰ পথ দুৰ্ঘটনা

উত্তৰাখণ্ডত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- এক ভয়ংকৰ পথ দুৰ্ঘটনা। উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।পাহাৰৰ পৰা দ-খাৱৈত বাগৰি পৰিল যাত্ৰাবাহী বাছ। কিনাথৰ পৰা ৰামনগৰ অভিমুখী এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ খাঁৱৈত পৰে।এই শোকাৱহ দুৰ্ঘটনাটোত বর্তমানলৈ ৩৬জন যাত্ৰীৰ মৃত্যু হৈছে। জানিব পৰা মতে বাছখনত ৫০ জনতকৈও অধিক যাত্ৰী আছিল ।আন বহুকেইজন গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়াল আৰু আহতসকললৈ আর্থিক সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰিছে। উল্লেখ্য যে নিশা পাহাৰীয়া পথত বাছ যাত্ৰাৰ পিছত ভাগৰুৱা চালকৰ ভুলৰ বাবেই বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা বুলি চৰ্চা চলিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়- আলমোৰা জিলাৰ বাছ দুৰ্ঘটনাত গুৰুতৰভাৱে আহতসকলক উন্নত চিকিৎসাৰ বাবে এইমছ ঋষিকেশ আৰু সুশীলা তিৱাৰী হাস্পতাল হালদ্বাণীলৈ বিমানযোগে প্ৰেৰণ কৰা হৈছে। মই সাহায্য আৰু উদ্ধাৰ অভিযানৰো বুজ লৈছোঁ। জানিব পৰা মতে, গড়োৱাল মটৰ মালিক সংঘৰ এখন বাছ গড়োৱালৰ পৌৰীৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্বৰ কুমাওৰ ৰামনগৰলৈ গৈ আছিল ৪০জন যাত্রী লৈ। গোটেই নিশা যাত্ৰা কৰাৰ পিছত আলমোৰাৰ ওচৰত পুৱা প্রায় ৮:২৫ বজাত হঠাৎ নিয়ন্ত্রণ হেৰুৱাই বাছখন ২০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰে। দুর্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে ৰাজ্যখনৰ দুৰ্যোগ সঁহাৰি দলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰকাৰী দলে এটা এটাকৈ যাত্রীসকলৰ নিথৰ দেহ উদ্ধাৰ কৰে। প্ৰথম পর্যায়ত ২০টা মৃতদেহ উদ্ধাৰ কৰা হয়। লাহে লাহে সেই সংখ্যা ৩৬লৈ বৃদ্ধি পায়। উত্তৰাখণ্ড চৰকাৰে মৃতকৰ পৰিয়ালক ৪ লাখ টকাকৈ আৰু আহতসকলক ১ লাখ টকাকৈ সাহায্য আগবঢ়াব। ইফালে, এই দুর্ঘটনাক লৈ শোক প্রকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।