উত্তৰকাশীত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ বান-ভূমিস্খলন

উত্তৰকাশীত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ বান-ভূমিস্খলন

ৰঙিলী বাৰ্ত্তাসেৱা-পুনৰ প্ৰকৃতিৰ ৰোষত দেৱভূমি উত্তৰাখণ্ড । মঙলবাৰে প্ৰকৃতিৰ কোপদৃষ্টি পৰে ৰাজ্যখনত । উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত মঙলবাৰে দুটাকৈ ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানে বিধ্বংসী ৰূপ ধাৰণ কৰি ঘৰ-দুৱাৰ, দোকান-পোহাৰ আৰু পথসমূহ বুৰাই পেলায় । বান ভূমিস্খলনত ১১জনকৈ সেনাৰ জোৱানৰ লগতে ৬০জনৰো অধিক লোক নিখোজ হৈ আছে। মঙলবাৰৰ দিনটোত উদ্ধাৰ হৈছিল ৪জন নিৰীহৰ মৃতদেহ। খীৰ গংগা নৈৰ বোকা পানীৰ ধলে চকুৰ প্ৰচাৰতে উটুৱাই নিছিল উত্তৰাখণ্ডৰ ধৰালী গাঁও। উল্লেখ্য যে উত্তৰ কাশীৰ হৰ্শিলস্থিত ভাৰতীয় সেনাৰ শিবিৰৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত্বত দিনৰ প্ৰায় ১.৪৫ বজাত সংঘটিত হৈছিল ডাৱৰ বিস্ফোৰণ। প্ৰথমটো ধৰালী গাঁও আৰু দ্বিতীয়টো সুখী টপ অঞ্চলত সংঘটিত হৈছিল ডাৱৰ বিস্ফোৰণৰ ঘটনা। ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা পানীৰ ঢলে নিমিষতে উটুৱাই নিছিল হোটেল, ঘৰ, দোকান, গছ-গছনিৰ লগতে যান-বাহন। কথমপি প্ৰাণ ৰক্ষা পৰিছিল কেইবাজনো লোকৰ। এই প্ৰতিকূল বতৰৰ মাজতো পুৱাৰে পৰা ভাৰতীয় সেনা, ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (এছ ডি আৰ এফ) নেতৃত্বত উদ্ধাৰ আৰু সাহায্যৰ প্ৰচেষ্টা অব্যাহত আছে । উত্তৰাখণ্ডৰ চৰকাৰী বিষয়াসকলে জনোৱা মতে, এই পৰ্যন্ত ১৩০ জনতকৈ অধিক লোকক উদ্ধাৰ কৰা হৈছে । আনহাতে, ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই জিলা দণ্ডাধীশ আৰু এছ এছ পিৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে  মোদীয়ে উত্তৰকাশীৰ ধৰালীৰ দুৰ্ঘটনাত শোক প্ৰকাশ কৰি সামজিক মাধ্যম X ত কয় “উত্তৰকাশীৰ ধৰালীত এই শোকাৱহ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ । ইয়াৰ সমান্তৰালভাৱে ভুক্তভোগীসকলৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছোঁ । মুখ্যমন্ত্ৰী পুষ্কৰ ধামীৰ সৈতে কথা পাতি পৰিস্থিতি সন্দৰ্ভত তথ্য আহৰণ কৰিছোঁ ।”