উতলা ফাগুন – নমিতা দাস

Pc Pikbest

 উতলা ফাগুন

নমিতা দাস

ফাগুন,—-
উৰুৱাই নিয়া,
পচোৱা জাকৰ সৈতে
প্ৰতিটো আৱৰ্জনা, মলিনতা
ফাগুন,—-
পলাশ,শিমলু মদাৰ জোপাৰ
ৰঙা ধালধী‌য়া বোলেৰে
কলুষিত মনৰ কদৰ্য্য ৰূপবোৰো উৰুৱাই নিয়া ।
লঠঙা ডালৰ
বতৰা লৈ আহি
বিলাই দি যোৱা তোমাৰে তল সৰা শুকান পাতৰ বেঠা
ফাগুন ——
ধূলিৰ ধূসৰিত পাতৰ আঁৰত আছে
ৰঙৰ আগমন
প্ৰেমৰ সুবাস
ফাগুন —-
চঞ্চলা বতাহ জাকে উৰুৱাই নিয়া কৃষ্ণচূড়াৰ ৰঙা পাপৰিত
উৎবাউল হৈ পৰা
প্ৰেমৰ ৰাগিত
মটলীয়া হৈ
ধৰা লৈ যে নমাই
বৰষুণৰ কণিকা
সেয়া বাৰু
ধৰণী সজীব কৰাৰ সংগ্ৰাম
নে পোখা মেলা,
মনৰ হেঁপাহ বাৰু
নে তৃষ্ণাতুৰ শৰীৰক
সজীৱ কৰাৰ বাবে কৰা সংগ্ৰাম
এয়াই ফাগুন —-
উতলা ফাগুন —–।