উতলা ফাগুনে আনে বসন্তৰ আলোড়ন – যমুনা দুলু বৈশ্য

উতলা ফাগুনে আনে বসন্তৰ আলোড়ন

যমুনা দুলু বৈশ্য, শুৱালকুছি

ফাগুন আহিলে
শিমলু , পলাশ মদাৰ , কাঞ্চনে
বাউলী হৈ চৌদিশ ৰাঙলীৰে
সৰাপাতৰ দলিচা পাতে ।
উতলা ফাগুনে আনে
পছোৱাৰ বা লাগি আশাৰ পানচৈত উৰুৱাই
মিলনৰ বাসনাৰে উটুৱাই লৈ যায়
সময়ৰ স’তে মেৰপাকৰ সুখ-দুখৰ যাত্ৰা ।
নঙঠা হৈ গছৰ ডালে পাতে
ধূলিয়ৰি বাটেৰে প্ৰকৃতিক
আকৌ যেন সাজি-কাচি ন সাঁজ পিন্ধি
ন ৰূপ দিব সজাই কোমল কুহিপাতে চমক লগাই ।
প্ৰতিপলে ফাগুনে উদাসীন মনত
ৰাঙলী ৰঙেৰে সিঁচি দি যায়
বসন্তৰ আলোড়নেৰে সজীৱ কৰি
দেহ- প্ৰাণ জুৰুৱা পুলকিত স্বস্তিৰ নিশ্বাস ।