উতনুৱা ফাগুন
।
কি যেন উতনুৱা তুমি ফাগুন ,
মনতে আনি দিলে আগুন ।
ৰাংঢালী ৰঙালী ফাগুণ গাভৰু হ’লে
প্ৰেমৰ লীলা কৰে ফাগুনৰ লগত খেলে।
পলাশ, মদাৰ ,শিমলু ফুলিলে
মনৰ ভিতৰত মাজত জুই জ্বলি’লে।
সৰা পাতে কাণে কাণে ফুচ্ ফুচ্ কৰি
কৈ দিলে ফাগুন আহিছে বলিয়া কৰি।
আকাশ, বতাহ কঁপিছে ভোমোৰাৰ ভূণ ভূণ
মৌ মাখি উৰিছে গীত গাই গুণ গুণ ।
লঠঙা ডালত শিমলু হাঁহি হাঁহি স্বাগতম জনাইছে
ফাগুন আহিছে বৃক্ষ বিৰিণাক নঙঠা কৰিছে।
ধৰণীৰ বুকুৰ পৰা লাজ’ৰ চাদৰ উৰুৱাই নিলে
যুৱতী’ৰ মেঘালী চুলিকোচা আউলি -বাউলি কৰিলে।
নাকে, মুখে ধূলি ছটিয়াই দিলে আঃ কি যে ধেমালি
ঐ দুষ্ট ফাগুন আহিছ ভালেই কৰিলি।
কৃষ্ণচূড়াৰ তলত বহি ফাগুণে হাঁহি মাৰে
তাকে দেখি ধৰণী গা ৰাই- জাই কৰে ।
চৰাই বিলাক গীত গাই ইনাই- বিনাই পৰি ডালত
পচোৱা বতাহ জাকে সুগন্ধ আনি দিয়ে ধৰণীৰ গালত ।
ঘাঁহনি -বননি ৰৈ আছে এজাক বৰষুণৰ আশাত শুকান পথাৰখন সেউজীয়া কৰি যৌৱন আনি দিয়াত ।
