উতনুৱা ফাগুন – ছেলিমা বেগম 

উতনুৱা ফাগুন
ছেলিমা বেগম 
কি যেন উতনুৱা তুমি ফাগুন
মনতে আনি দিলা আগুন ।
ৰাংঢালী ৰঙালী ফাগুন গাভৰু হ’বলৈ ধৰিলে
প্ৰেমৰ লীলা কৰি ফাগুনৰ লগত খেলিলে।
পলাশ, মদাৰ ,শিমলু ফুলিল
হিয়াৰ মাজত জুই জ্বলিল।
সৰা পাতে কাণে কাণে ফুচ্ ফুচ্ কৰি
 কৈ দিলে ফাগুন আহিছে বলিয়া কৰি।
আকাশ, বতাহ কঁপিছে ভোমোৰাৰ ভূণ ভূণ
মৌ মাখি উৰিছে গীত গাই গুণ গুণ ।
লঠঙা ডালত শিমলু হাঁহি হাঁহি স্বাগতম জনাইছে
ফাগুন আহিছে বৃক্ষ বিৰিণাক নঙঠা কৰিছে।
ধৰণীৰ বুকুৰ পৰা লাজৰ চাদৰ উৰুৱাই নিলে
যুৱতীৰ মেঘালী চুলিকোচা আউলি বাউলি কৰিলে।
নাকে- মুখে ধূলি  চটীয়াই  দিলে আ : কি যে ধেমালি
ঐ নিলাজ ফাগুন আহিলি ভালেই কৰিলি ।
কৃষ্ণচূড়াৰ তলত বহি ফাগুনে হাঁহি মাৰে মিচিকি
তাকে দেখি ধৰণী গা ৰায়- জায় কৰে চিনাকি  ।
চৰাই চিৰিকতি গীত গাই ইনাই বিনাই পৰি ডালত
পচোৱা বতাহ জাকে সুগন্ধ আনি দিয়ে ধৰণীৰ গালত ।
ঘাঁহনি -বননি ৰৈ আছে এজাক বৰষুণৰ আশাত
শুকান পথাৰখন সেউজীয়া কৰি যৌৱন আনি দিয়াত ।