উজ্জ্বলপুৰ যুৱ সংঘৰ সৌজন্যত ৩৭ সংখ্যক ৰঙালী বিহু সন্মিলন

উজ্জ্বলপুৰ যুৱ সংঘৰ সৌজন্যত ৩৭ সংখ্যক ৰঙালী বিহু সন্মিলন

বুলমণি বৰি, লখিমপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া জাতি গঢ়াৰ এনাজৰী হৈ অনন্য সাংস্কৃতিক বৈশিষ্ট্যৰে প্ৰোজ্জ্বল জাতীয় উৎসৱ বিহু। কৃষ্টি সংস্কৃতি এটা জাতিৰ আত্ম পৰিচয়ৰ আধাৰ। কৃষ্টি সংস্কৃতিৰ মাজেদিয়েই প্ৰৱাহিত হয় এটা জাতিৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ বাৰ্তা। জাতীয় উৎসৱ বিহু অসমীয়াৰ এক উৎকৃষ্ট লোক কৃষ্টি আৰু জাতিটোৰ পৰিচয়ো। বিহুৱে অসমীয়া জাতিৰ সামাজিক সংস্কৃতিৰ ভেটি সজীৱ আৰু প্ৰাণৱন্ত কৰি ৰাখিছে। বিহুৰ মাজত থকা সমন্বয় আৰু সৃষ্টিৰ তাৎপৰ্যৰে একতাৰ এনাজৰী আৰু সমন্বয়ৰ শিপাডাল খামুচি জাতিটোক একগোট কৰি ধৰি ৰখাৰ মানসেৰে লখিমপুৰ জিলাৰ উজ্জ্বলপুৰ যুৱ সংঘৰ সৌজন্যত ৪ আৰু ৫ মে ২০২৫  তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উজ্জ্বলপুৰ যুৱ সংঘৰ সভাপতি নিলোৎপল বৰুৱা সম্পাদক কমল বৰুৱা বিহু উদযাপন সমিতিৰ সভাপতি নৰেশ বৰুৱা আৰু সম্পাদক লোহিত বৰুৱাৰ নেতৃত্বত অতি উলহ মালহেৰে উদযাপন কৰিলে গৌৰৱউজ্জ্বল ৩৭ সংখ্যক ৰঙালী বিহু সন্মিলন। প্ৰথম দিনা পুৱাৰ ভাগত কাৰ্যসূচী অনুসৰি সামূহিক চাফাই ৯ বজাত বিহু উদযাপন সমিতিৰ সভাপতি নৰেশ বৰুৱাই পতাকা উত্তোলন কৰাৰ লগে লগে চম্পা পাটৰ (মৈত্ৰী আশ্ৰম) স্মৃতি তৰ্পণ কৰে।  ১০ বজাৰ পৰা বৰ্ণাঢ্য সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়।শোভা যাত্ৰাৰ শুভ উদ্বোধন কৰে পুণ্যেশ্বৰ বৰুৱা, (প্ৰধান শিক্ষক উজ্জ্বলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় )সঞ্জীৱ কুমাৰ উপাধ্যায় (প্ৰধান শিক্ষক,নৱৎজ্জ্বল উচ্চতৰ মাধ্যমিক বিদ্যালয়)।শোভাযাত্ৰাৰ অন্তত উজ্জ্বলপুৰ জীয়ৰী বোৱাৰী টকা বিহু দলে মঞ্চ উদ্বোধন কৰাৰ লগে লগে সৰু বিহুৱতীৰ প্ৰতিযোগিতা উদ্বোধন কৰে বুলমণি বৰিয়ে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগী আৰু বিচাৰকৰ সফল বিচাৰ প্ৰক্ৰিয়াৰে প্ৰতিযোগিতাখন অন্ত পৰে । ঠিক সেইদৰে দ্বিতীয় দিনা পুৱা ৯ বজাত লতিফুল আহমেদ হুছেইনে  খেল ধেমালি প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। খেল ধেমালিৰ লগে লগে ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি বিয়লি ২ বজাৰ পৰা কলা কৃষ্টি প্ৰদৰ্শনত বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজ নিজ সাজ পোচাক পৰিধান কৰি নিজৰ নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰে। সন্ধিয়া ৬ বজাত খোদেশ্বৰ গগৈয়ে বন্তি প্ৰজ্বলন কৰি কেইবাগৰাকীও আমন্ত্ৰিত অতিথিৰ উপস্থিতিত বঁটা বিতৰণী অনুষ্ঠানেৰে প্ৰতিযোগিসকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰে।নিশা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকৰ সমাগম হয়। উজ্জ্বলপুৰ গাঁৱৰ হুঁচৰি দলে সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে। ইয়াৰ পিছতে কণ্ঠশিল্পী মীৰ দ্বীপ গগৈয়ে গীতৰ শৰাই আগবঢ়ায় । জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে সকলোকে মোহিত কৰি এক সুন্দৰ সময় উপহাৰ দিয়ে।