উজাগৰী নিশা
এছ ইছলাম,শিক্ষক
মইনবৰী,বৰপেটা
তোমাৰ অপেক্ষাত
গোটেই নিশাটো
আছিলোঁ মই
উজাগৰী হৈ ।
মাজ নিশাৰ বিননি
চকুত নাই টোপনি
এন্দুৰৰ খুট্ খুটনি
অন্তৰৰ শিহঁৰণি।
কাহিলি পুৱাতে
দেখা পালোঁ বাটতে
তুমি মোক পাঁহৰি
গৈছিলা আঁতৰি।
পিছে পিছে দৌৰি গৈ
লগ নাপালোঁ মই
তোমাৰ বিয়াৰ খবৰ পাই
অন্তৰ পুৰি হ’ল ছাই।
তোমাৰ নাম ললনা
সেয়ে কৰিলা ছলনা
ডুবি মৰিলোঁ হঠাৎ
তোমাৰ প্ৰেম যমুনাত ।
শেষ