উজনি মাজুলী অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতি গঠন

উজনি মাজুলী অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতি গঠন
মাজুলী, বিকাশ শইকীয়া,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ উজনি অংশৰ চৈধ্যখন গাঁৱৰ ৰাইজৰ একত্ৰিত প্ৰচেষ্টাৰে যোৱা ২০০১ বৰ্ষত প্ৰতিষ্ঠা লাভ কৰা উজনি মাজুলী অবিৰত ভাগৱত পাঠ অনুষ্ঠানটি অহা ২০২৫ বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিব। এই উপলক্ষে আজি ফুটচাং গাঁও, বৰুৱাচুক (যাদৱপুৰ) গাঁৱৰ নামঘৰত এখনি গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা আয়োজন কৰা হয়। এই অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ মুখ্য হোটা, শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক দেৱেন্দ্ৰ দেৱগোস্বামীৰ পৌৰহিত্য আজি অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত সৰ্বসন্মতিক্ৰমে এখনি ৰূপালী জয়ন্তী উদযাপন সমিতি গঠন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক মুখ্য পৃষ্ঠপোষক, পৃষ্ঠপোষক হিচাপে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মাজুলীৰ বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত ড০ কাবেৰী বি শৰ্মা আৰু মাজুলী আৰক্ষী অধীক্ষক গৰাকীৰ নাম প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উজনি মাজুলী অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সভাপতি দেৱেন্দ্ৰ দেৱগোস্বামীক ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সভাপতি, উপ সভাপতিৰূপে বলোভদ্ৰ বৰুৱা, পীতাম্বৰ শইকীয়া, প্ৰসন্ন দেউৰী, দুৰ্গেশ্বৰ শইকীয়া, কুশল পেগু, মনোৰঞ্জন পেগুৰ নাম প্ৰস্তাৱ গ্ৰহণ কৰা হয়। কাৰ্যকৰী সভাপতি হিচাপে পূৰ্ণকান্ত বৰুৱা আৰু সাধাৰণ সম্পাদক হিচাপে ধ্ৰুৱ চুতীয়াৰ নাম গৃহীত হয়। সহকাৰী সম্পাদকৰূপে জিন্তু বৰা, অনিল বৰা, দিলীপ কুটুম, প্ৰফুল্ল শইকীয়া আৰু সাহিত্য বিভাগৰ সম্পাদকৰূপে সাহিত্যসেৱী, গ্ৰন্থ প্ৰকাশক, পাহি-পৰী প্ৰকাশ’ৰ স্বত্বাধিকাৰী জয়ন্ত হাজৰিকাৰ নাম সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত কৰা হয়। সেইদৰে প্ৰচাৰ বিভাগৰ সভাপতিৰূপে সঞ্জীৱ কুমাৰ দত্ত, সম্পাদকৰূপে ৰূপজ্যোতি বৰা, স্বচ্ছতা উপসমিতি সভাপতি কুশকান্ত বেজ, সম্পাদক মনিকান্ত বৰুৱা, সাংস্কৃতিক উপ সমিতিৰ সভাপতি শান্তিৰাম সেনাপতি, সম্পাদক অতুল কলিতা, জুনু বৰুৱা, সুৰেন শইকীয়া, নৃপেন কলিতা, বিজয় বৰা, ৰাতুল বৰাৰ নাম গৃহীত কৰা হয়। আজিৰ সভাত ৰাইজৰ পৰা সিদ্ধান্ত দিয়ে যে এই সমিতিখনে অতি সোনকালেই ৰূপালী জয়ন্তী উদযাপনৰ বাবে প্ৰয়োজনীয় উপসমিতি সমূহ অতিশীঘ্ৰেই সভা অনুষ্ঠিত কৰি গঠনৰ পৰামৰ্শ আগবঢ়ায়। উজনি মাজুলী অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ ২৪ সংখ্যক ভাগৱত পাঠ অনুষ্ঠানটি অহা ইংৰাজী ৯,১০,১১,১২ মে ৰ পৰা ফুটচাং, বৰুৱাচুক (যাদৱপুৰ ) গাঁৱত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানৰ আয়োজনৰ সমান্তৰালভাৱে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সমিতি গঠন হোৱাত সভাত উপস্থিত সন্ত-সাধুজনে শলাগ আগবঢ়াইছে। একে সময়তে, ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ নৱ নিৰ্বাচিত সভাপতিগৰাকীয়ে কয় যে ২৪ সংখ্যক ভাগৱত পাঠ অনুষ্ঠানৰ প্ৰথমদিনাই ২৫ গছি বন্তি প্ৰজ্বলনেৰে ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী কৰাৰ ঘোষণা কৰাৰ লগতে আগন্তুক ৰূপালী জয়ন্তী অনুষ্ঠানটি সূচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ সমস্তজন ভক্ত-বৈষ্ণৱক অনুৰোধ জনাইছে। (ভ্ৰাম্য-৯৮৫৪৭৮৫৩৩৬) ফটো দিয়া হৈছে।