উজনি মাজুলীৰ চিৰাম হাইস্কুলত অন্ধ বিশ্বাস – কু সংস্কাৰমূলক সজাগতা সভা সম্পন্ন

উজনি মাজুলীৰ চিৰাম হাইস্কুলত অন্ধ বিশ্বাস – কু সংস্কাৰমূলক সজাগতা সভা সম্পন্ন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  উজনি মাজুলীৰ  উচ্চ শিক্ষানুষ্ঠান চিৰাম উচ্চ মাধ্যমিক বিদ্যালয়ত আজি অন্ধ বিশ্বাস আৰু কু- সংস্কাৰ নিৰ্মূল সম্পৰ্কীয় এখন সজাগতা সভা সম্পন্ন হয়। উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিদ্যালয় খনিত অধ্যয়নৰত  ছাত্র-ছাত্ৰী সকল ,শিক্ষাগুৰু , কৰ্মচাৰী আৰু স্থানীয় গণ্য মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনিত সভাপতিত্ব কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক পদুম কুমাৰ মহন্তই । উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই আঁত ধৰি উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠানটিৰ আয়োজন কৰাৰ বিষয় বস্তুৰ কিছু আভাস দাঙি ধৰে ।

সজাগতা সভাখনিত সমল ব্যক্তি হিচাপে অশ্বিনী কলিতাই অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ তথা পৰম্পৰাগত ধৰ্মীয় , এলান্ধু কলীয়া ৰীতি – নীতি , বেজ- বেজালি আদিৰ প্ৰভাৱৰ পৰা সামাজখনক কেনেকৈ মুক্ত কৰিব পাৰি, ছাত্র-ছাত্ৰী তথা উঠি অহা প্ৰজন্মই যাতে এইবোৰৰ ওপৰত আশ্বস্তহৈ বিপদত নপৰে সেই সকলো দিশৰ  ওপৰত বিতং ব্যাখ্যা আগবঢ়াই ছাত্ৰ-ছাত্ৰী সকল কু-সংস্কাৰৰ পৰা মুক্ত হোৱাৰ আহ্বান জনায়। সমল  ব্যক্তি গৰাকীৰ ভাষণৰ পাছতেই ছাত্র ছাত্ৰী সকলে তৰফৰ পৰা কৃষ্ণালী খাউণ্ড , গোবিন হাজৰিকা, নিবেদিতা দাসে নিজৰ অভিমত ব্যক্ত কৰে।

সভাত শিক্ষক সকলৰ তৰফৰ পৰা প্ৰভুনাথ ভগৎ , বিপুল শইকীয়া, মৃদুল বৰা, মাধৱ শইকীয়া, পল্লৱী মৰাণ, শ্যামলী গোস্বামী, দীপ্তি ডেকাই বক্তব্য ৰাখি ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰি তোলে । অনুষ্ঠানৰ শেষত সভাখনিৰ সভাপতি তথা প্ৰধান শিক্ষক পদুম মহন্তই ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰাগ লোকবিশ্বাসৰ বাদে বাকী ভূত-প্ৰেত, ডাইনী আদি অন্ধ বিশ্বাস নলৱলৈ ছাত্ৰ ছাত্ৰী সকললৈ আহ্বান জনাই ছাত্র ছাত্ৰী সকলৰ মাজত এনে মহৎ উদ্দেশ্যৰে বিদ্যালয় খনিত অনুষ্ঠিত কৰা সজাগতা অভিযানৰ বাবে আৰ্যভট্ট বিজ্ঞান কেন্দ্রলৈ ধন্যবাদ জ্ঞাপন কৰে ।