উজনি অসম মুছলিম কল্যাণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি গঠন 

উজনি অসম মুছলিম কল্যাণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি গঠন 

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-  উজনি অসম মুছলিম কল্যাণ পৰিষদৰ এখন সাধাৰণ সভা কোৱা ৪ জুনত ডিব্ৰুগড়ৰ নালিয়াপুলত অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই সভাত সভাপতিত্ব কৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মনিৰুল ইছলাম বড়াই। ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক আৰিফ হুছেইনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে, কেইবছৰমানৰ পূৰ্বে ডিব্ৰুগড় জিলা সমিতিখন তদৰ্থ ভিত্তিত গঠিত হৈছিল যদিও পুৰ্নাংগ সমিতি গঠন নোহোৱাত কেন্দ্ৰীয় সমিতিয়ে উজনি অসমৰ ৭ খন জিলা সমিতিৰ লগতে মুছলিম কল্যাণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিখনো ভংগ কৰি দিয়ে। সেয়েহে নতুন জিলা সমিতি গঠনৰ বাবে এই সভাখন আহ্বান কৰা হৈছে বুলি আৰিফ হুছেইনে জানিবলৈ দিয়ে। এই সভাতেই চাহিদ লতিফ (ফিৰোজ)ক সভাপতি, কমৰুজ জামানক কাৰ্যকৰী সভাপতি আৰু আব্দুল চালেহক সাধাৰণ সম্পাদক হিচাপে লৈ ৪১ জনীয়া সদস্যৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিখন গঠন কৰা হয়। আজিৰ সভাত মৰান মহকুমা সমিতিকে ধৰি ডুলিয়াজান, নাহৰকটীয়া আঞ্চলিক সমিতি কেইখনো নতুনকৈ গঠন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাপতিৰ ভক্ষণত কেন্দ্ৰীয় সমিতিৰ মনিৰুল ইছলাম বড়াই কয় যে, স্বাধীনতাৰ পিছৰে পৰা বৰ্তমানলৈকে উজনি অসমত বসবাস কৰা খিলঞ্জীয়া মুছলমান সকল সৰ্বদিশৰ পৰা বঞ্চিত হৈ আহিছে। এইবাৰৰ বিধানসভাৰ বাজেটত অসমৰ খিলঞ্জীয়া মুছলমানৰ উন্নয়ন আৰু বিকাশৰ বাবে চৰকাৰে ৬০০ কোটিৰো অধিক টকা ধাৰ্য কৰিছে। এই বাজেটৰ ধনৰ জৰিয়তে খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ বাবে খিলঞ্জীয়া মুছলমান উন্নয়ন আয়োগ আৰু এখন পৃথক সঞ্চালকালয় গঠন কৰাৰ বাবে চৰকাৰলৈ দাবী জনায়। তাৰ লগতে উজনি অসমৰ খিলঞ্জীয়া মুছলমান গৰিয়া, মৰিয়া, জলহা, পাংগাল মনিপুৰী সকলৰ বাবে তৎকালে আৰ্থ সামাজিক জৰীপৰ ব্যৱস্থা কৰিবলৈ বড়াই ৰাজ্য চৰকাৰলৈ দাবী উত্থাপন কৰে।