উজনিত বিপুল জনাসমাগমে আদৰিছে ‘মহাৰাজ’ক

উজনিত বিপুল জনাসমাগমে আদৰিছে ‘মহাৰাজ’ক

মৃদুস্মিতা শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- নামনি আৰু মধ্য অসমত ইতিহাস থিয়েটাৰে সৃষ্টি কৰা জনজোৱাৰ উজনিতো অব্যাহত আছে। বিশেষকৈ ইতিহাস থিয়েটাৰৰ চলিত বৰ্ষৰ বহুল জনপ্ৰিয় নাট ‘মহাৰাজ’ চাবলৈ নগাঁও তথা মৰিগাঁও জিলাৰ প্ৰতিটো স্থানতে নাট্যপ্ৰেমী ৰাইজে হেতা-ওপৰা লগোৱাটো যিকোনো ভ্ৰাম্যমাণ নাট্যদলৰ বাবেই এক শুভ সংকেত । নগাঁও জিলাৰ ৰহা তথা নেহেৰুবালি, কাৰ্বিআংলং জিলাৰ তৰাডুবি, মৰিগাঁও জিলাৰ নাৰায়ণ বজাৰ প্ৰমুখ্যে প্ৰতিটো পেণ্ডেলতে ‘মহাৰাজ’ চাবলৈ বিয়লি তিনি বজাৰ পৰাই নাট্যপ্ৰেমী দৰ্শকৰ লানি নিছিগা সোঁত বোৱাটো পৰিলক্ষিত হৈছে। সাধাৰণতে উজনিত নামনিৰ তুলনাত ভ্ৰাম্যমাণ নাট্যদলৰ দৰ্শকৰ সংখ্যা সীমিত বুলি যি ধাৰণা প্ৰচলিত আছিল, যোৱা কিছুবছৰৰ পৰা নাট্যপ্ৰেমী দৰ্শকে সেয়া ভুল বুলি প্ৰমাণিত কৰি আহিছে। ‘মহাৰাজ’ৰ ক্ষেত্ৰতো তাৰেই পুনৰাবৃত্তি ঘটিল। বহু কেইটা স্থানত নামনিতকৈয়ো ‘মহাৰাজ’ৰ দৰ্শকৰ সংখ্যা সৰহ হোৱাটো লক্ষণীয় । ‘মহাৰাজ’ নাটখন চাই প্ৰেক্ষাগৃহৰ পৰা ওলাই অহা অধিকাংশ দৰ্শকে একেমুখে কৈছে যে- নাটক নহয়,এখন চিনেমা চোৱা যেন লাগিল। চিত্ৰনাট্যৰ থাচত নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই ‘মহাৰাজ’ৰ পাণ্ডুলিপি প্রস্তুত কৰি যি এটা নতুন ষ্টাইল বা শৈলী ভ্ৰাম্যমাণ থিয়েটাৰত সংযোজন কৰিছে, তালৈ দৰ্শকে বিপুল সহাঁৰি জনাইছে,লগতে ‘মহাৰাজ’ হৈ পৰিছে ইতিহাস থিয়েটাৰৰ এক পৃথক স্বাদৰ নাটক। উজনিৰ দৰ্শকৰ বাবে এই সোৱাদ আৰু অধিক তৃপ্তিকৰ হৈ উঠাৰ বাবেই ইতিহাস থিয়েটাৰে নগাঁও, মৰিগাঁও, কাৰ্বিআংলং আদি জিলাত বিপুল জনসহাঁৰি লাভ কৰা বুলি কব পাৰি। নাট্যদলটোৱে নগাঁও-মৰিগাঁওৰ পৰাই তেজপুৰ হৈ বিশ্বনাথ চাৰিআলি, গহপুৰ, লক্ষীমপুৰ, মাজুলী, ঢকুৱাখানা, ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, দেৰগাঁও, গোলাঘাটলৈ ৰাওনা হব । এই স্থান সমূহৰ নাট্যপ্ৰেমী ৰাইজেও ‘মহাৰাজ’ক আদৰিবলৈ সৰ্বতোপ্ৰকাৰে সাজু হৈ থকা বুলি বিভিন্ন আহ্বায়ক সমিতিয়ে জনাইছে। ‘মহাৰাজ’ৰ মুখ্য চৰিত্ৰত জনপ্ৰিয় তাৰকা যতীন বৰাৰ অভিনয় ৬ বছৰ বিৰতিত দেখিবলৈ পাইছে দৰ্শক ৰাইজে। নিঃসন্দেহে সেয়াও ‘মহাৰাজ’ৰ বাণিজ্যিক সাফল্যৰ অন্যতম কাৰণ। লক্ষণীয় যে চলিত নাট্যবর্ষৰ দুটাকৈ জনপ্ৰিয় গীত ‘আলেঙে আলেঙে…. আৰু ‘এখনি ৰুমাল……’ ‘মহাৰাজ’ৰ অন্য এক সম্পদ। এই গীত দুটাৰ কাৰিকৰী চমক সমৃদ্ধ পৰিৱেশন চাবলৈ প্ৰেক্ষাগৃহৰ দৰ্শকে যি হাৰত আগ্ৰহী হৈ উঠে, সেই পৰিৱেশ সাধাৰণতে ভ্ৰাম্যমাণ থিয়েটাৰত দেখিবলৈ পোৱা নাযায়। ‘মহাৰাজ’ নাটখনৰ সমান্তৰালকৈ নাট্যদলটোৱে এইবেলি মঞ্চস্থ কৰা ‘জুয়ে পোৰা মানুহ’ আৰু ‘মহাবীৰ লাচিত’ নাট দুখনেও সকলো স্থানতে লাভ কৰিছে দৰ্শকৰ বিপুল সমাদৰ। প্ৰতিখন নাটকতে প্ৰাণস্পৰ্শী অভিনয়েৰে দৰ্শকক আমোদ দিবলৈ সক্ষম হৈছে যতীন বৰাৰ উপৰি শৰ্মিষ্ঠা চক্ৰৱৰ্তী, আশা ৰিয়া, সুৰবী কটকী, বিপুল বৰা, চন্দন বৰা, মুহি বৰা, গুঞ্জন চৌধুৰী, চম্পক মেধি, পাৰ্থ কলিতা আৰু মানস শইকীয়াই।