উচ্ছেদ সম্পৰ্কত আম আদমি পাৰ্টী, অসমৰ স্থিতি স্পষ্ট ঘোষণা

উচ্ছেদ সম্পৰ্কত আম আদমি পাৰ্টী, অসমৰ স্থিতি স্পষ্ট ঘোষণা
অসমত চলি থকা উচ্ছেদ সম্পৰ্কে – আম আদমি পাৰ্টীৰ মন্তব্য

ৰঙিলী বাৰ্ত্তাসেৱা- বেদখলকাৰীক উচ্ছেদ কৰাটো চৰকাৰৰ নীতি, গতিকে চৰকাৰে নিশ্চয় উচ্ছেদ কৰিব। কিন্তু উচ্ছেদ কৰাৰ পূৰ্বে সকলো উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিয়াটোও চৰকাৰৰ নীতি। সেই অনুসৰি, আপ অসমে দাবী জনায় যে অসম চৰকাৰে উচ্ছেদৰ আগতে তেনে সকলো পৰিয়ালক উপযুক্তভাৱে পুনৰ সংস্থাপন দিব লাগে।উচ্ছেদ চলি থকা সময়ত মুখ্যমন্ত্ৰীকে লৈ কিছু মন্ত্ৰী-বিধায়কে উচ্ছেদ হোৱা লোকক বাংলাদেশী নাগৰিক বুলি বিভিন্ন সময়ত উল্লেখ কৰিছে।এই সন্দৰ্ভত আমাৰ দাবী-যদি সঁচাকৈ উচ্ছেদ হোৱা লোকসকল বাংলাদেশী নাগৰিক হয়, তেন্তে তেওঁলোকক তেখেত সকলৰ দেশলৈ প্ৰত্যাবৰ্তন কৰা হ’লনে নাই, তাৰ তথ্য জনসাধাৰণৰ আগত উপস্থাপন কৰক।যদি প্ৰত্যাবৰ্তন কৰা নহ’ল, তেন্তে এইসকল লোক ক’লৈ গ’ল, তাৰো সঠিক তথ্য দিয়ক।অসমত সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিবলৈ আপে সতৰ্ক বাণী প্ৰদান কৰিছে৷ ইপিনে, উচ্ছেদ কৰি মুকলি কৰা ভূমিসমূহ যাতে আদানি-আম্বানি, চাহ-শৰ্মা পৰিয়াল, অথবা কোনো বিধায়ক-মন্ত্ৰীৰ পত্নী বা পৰিয়ালৰ হাতত নযায়, তাৰ বাবে আম আদমি পাৰ্টিয়ে দাবী জনায়৷উচ্ছেদৰ আগতেই অসমবাসীক নিশ্চিত কৰা হওক যে এই ভূমিসমূহ কোনো ধনবান বা ক্ষমতাশালী ব্যক্তিৰ স্বাৰ্থত হস্তান্তৰ নহয়।এটা কথা যধে মধে উচ্ছেদ কৰা কাৰ্যক আম আদমি পাৰ্টীয়ে বিৰোধিতা কৰে৷ কৃষি উপযোগী মাটিত উচ্ছেদ কৰি উদ্যোগ বা অন্যান্য প্ৰকল্প স্থাপনৰ পৰিকল্পনা বন্ধ কৰক৷ বনাঞ্চল, জনবসতিপূৰ্ণ এলেকা, পৰ্বত – পাহাৰ, জলাশয় আদি’ উদ্যোগ স্থাপনৰ উদ্দেশ্যে কৰিবলৈ লোৱা উচ্ছেদ বন্ধ কৰক৷ ষষ্ঠ অনুসূচী এলেকাত উচ্ছেদ একেবাৰে বন্ধ কৰক৷ আমাক উন্নয়ণ লাগে; কিন্তু জনসাধাৰণক হাৰাশাস্তি কৰি, জনসাধাৰণৰ অধিকাৰ খৰ্ব কৰি কৰিবলৈ লোৱা উন্নয়ণ আমি নিবিচাৰোঁ ৷