উচ্ছেদ অভিযানৰ সময়তে লামডিং বনাঞ্চলত উত্তপ্ত পৰিস্থিতি

উচ্ছেদ অভিযানৰ সময়তে লামডিং বনাঞ্চলত উত্তপ্ত পৰিস্থিতি

ৰঙিলী বাৰ্ত্তাসেৱা- অব্যাহত আছে লামডিং বনাঞ্চলত উচ্ছেদ অভিযান।লামডিং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৫০০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছিল।দুটা পৰ্যায়ত বনাঞ্চলখনত উচ্ছেদ চলোৱা হৈছে।বেদখলকাৰীৰ কবলত থকা ৫খন বনগাঁৱত চলিছে উচ্ছেদ।প্ৰথম পৰ্যায়ত বনাঞ্চলখনৰ ভেটনলা,কমৰপানীত চলিছে উচ্ছেদ।আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাই থকাৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।এগৰাকী দালাল উচ্ছেদিত লোকসকলৰ কাষত থিয় দিয়াৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।জানিব পৰা মতে প্ৰকৃতি প্ৰেমী ৰূপী দালাল ৰহমত আলীয়ে পূৰ্বৰে পৰা উচ্ছেদিত লোকসকলক মাটিৰ পট্টা দিয়াৰ নামত বিভিন্ন সময়ত ধন সংগ্ৰহ কৰি আছিল।দালাল ৰহমত আলীয়ে উচ্ছেদিত লোকসকলে আশ্ৰয় লোৱা স্থানত উপস্থিত হৈ ন্যায়ালয়ৰ জৰিয়তে তেওঁলোকৰ সুৰক্ষাৰ বাবে যুঁজ দিব বুলি প্ৰতিশ্ৰুতি দিছিল।উচ্ছেদৰ বলি হোৱা লোকসকলে ৰহমত আলীক লপাথপা দিয়ে।তেওঁৰ গাড়ীখনো আংশিকভাৱে ধ্বংস কৰে।পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তেওঁক উদ্ধাৰ কৰে।