উচ্ছেদিত বুঢ়াচাপৰি বনাঞ্চলত বাঘৰ মুক্ত বিচৰণ

উচ্ছেদিত বুঢ়াচাপৰি বনাঞ্চলত বাঘৰ মুক্ত বিচৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-   কিছুদিনৰ পূৰ্বে উচ্ছেদ অভিযান চলোৱা বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত দেখা পোৱা গৈছে ঢেকিয়াপতীয়া বাঘ। সংৰক্ষিত বনাঞ্চলখনত উচ্ছেদ অভিযান চলোৱাৰ পাছতেই উক্ত অঞ্চলত বাঘে মুক্ত বিচৰণ কৰিছে। বুঢ়াচাপৰি বনাঞ্চলখনত সংস্থাপন কৰা কেমেৰাত যোৱা ৭ আৰু ৯ মাৰ্চত বাঘৰ উপস্থিতি ধৰা পৰিছে। যোৱা ৭ আৰু ৯ মাৰ্চত বুঢ়াচাপৰি বনাঞ্চলখনত বাঘৰ উপস্থিতি ধৰা পৰিছে তাত সংস্থাপন কৰা কেমেৰাত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুঢ়াচাপৰি বনাঞ্চলত দেখা পোৱা ঢেকিয়াপতীয়া বাঘৰ দুখন প্ৰতিচ্ছবি  চ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে লিখিছে, ঘৰলৈ ঘূৰি আহিছে বাঘ। লগতে তেওঁ এই কথাও উল্লেখ কৰে যে, ৰাজ্যৰ জীৱকুলৰ ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব আৰু বনাঞ্চলসমূহত চলা বেদখল প্ৰতিৰোধ কৰাত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিব। সংৰক্ষিত বনাঞ্চলখনত উচ্ছেদ কৰাৰ নিশাই কেমেৰাত বন্দী হৈছিল বন্য হস্তীৰো দৃশ্য। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই দৃশ্যও  চ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰিছিল।