উচ্চতৰ মাধ্যমিক (বিজ্ঞান)শাখাত ভাল ফলাফল স্নেহা কলিতাক সম্বৰ্ধনা
ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ১৯৯৫ চনৰ পৰা ২০০০ চনলৈ একেলগে পঢ়া সহপাঠীসকলে একেলগ হৈ মিৰ্জাৰ পলচ কিটচেনত স্নেহা কলিতাই উচ্চতৰ মাধ্যমিক (বিজ্ঞান)শাখাত ভাল ফলাফল কৰা হেতুকে বিশেষ ভাবে সম্বৰ্ধনা জনায়।এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি সহপাঠীসকলে স্নেহা কলিতাৰ ভৱিষ্যত কৰিকল্পনাৰ বুজ লয় আৰু তেওঁক আশীৰ্বাদ দিয়াৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰে।অনুষ্ঠানত উপস্থিত থাকে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সহপাঠী ক্ৰমে সামাজিক কৰ্মী বন্দনা কলিতা ,সাংবাদিক নিৰেন মালী,সামাজিক কৰ্মী শংকৰ কলিতা,সামাজিক কৰ্মী শংকৰ মেধী,অভিযন্তা অৱনী দাস,ডাকঘৰৰ শাখা প্ৰবন্ধক ৰতন তালুকদাৰ ,সামাজিক কৰ্মী বিপুল কলিতা ,সামাজিক কৰ্মী ৰাজীৱ চৌধুৰী,শেৱালি কলিতা,শিক্ষক জয়ন্ত দাসৰ লগতে আন্তঃৰাষ্ট্ৰীয় মহিলা ৰেফাৰী ৰূপা দাস ঠাকুৰীয়া।