উচ্চতৰ মাধ্যমিক পৰীক্ষাত বৈশালী কাশ্যপৰ কৃতিত্ব

উচ্চতৰ মাধ্যমিক পৰীক্ষাত বৈশালী কাশ্যপৰ কৃতিত্ব

ৰঙিলী বাৰ্ত্তাসেৱা- সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত গণেশপাৰাৰ নিবাসী অনিল ডেকা আৰু মৌচুমী ডেকাৰ একমাত্ৰ কন্যা বৈশালী কাশ্যপে কটন বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত ছয়টা বিষয়তে লেটাৰ মাৰ্ক লাভ কৰি ডিষ্টিংচন পাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে বৈশালীয়ে ইংৰাজীত ৮৯, ৰাজনীতি বিজ্ঞানত ৮৭, বুৰঞ্জীত ৮৫, শিক্ষা বিষয়ত ৮৪, বৈকল্পিক ইংৰাজীত ৮০ আৰু অৰ্থবিজ্ঞানত ৮২ নম্বৰ লাভ কৰি মুঠ ৮৫% শতাংশ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। স্মৰ্তব্য যে বৈশালীয়ে পঢ়াৰ সমান্তৰালকৈ সত্ৰীয়া নৃত্যটো গুনীন পৰীক্ষাত ডিষ্টংচন পাবলৈ সক্ষম হৈছিল। আনহাতে কথক নৃত্যৰ বিশাৰদ হোৱাৰ লগতে লোকনৃত্যতো বিশাৰদ পাছ কৰিছে। তদুপৰি কণ্ঠ সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰি ইতিমধ্যে বিভিন্ন মঞ্চবোৰত অনুষ্ঠানো পৰিৱেশন কৰি আহিছে। বৈশালীৰ এই সাফল্যই পৰিয়ালৰ লগতে সকলো গুণমুগ্ধক উৎফুল্লিত কৰিছে।