উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ চিআইডিলৈ

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ চিআইডিলৈ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে চিআইডিত ৰুজু কৰা হ’ল এটা গোচৰ। শিক্ষা বিভাগৰ নিৰ্দেশমৰ্মেই উক্ত গোচৰটো ৰুজু কৰা হৈছে।চিআইডিয়ে ০৬/২৫ নম্বৰত ৰুজু হোৱা গোচৰটোৰ তদন্ত ক্ষিপ্ৰ কৰি তুলিছে । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে প্রশ্নকাকত ফাদিলৰ ঘটনা সন্দর্ভত ৰাজ্যৰ বিভিন্ন থানাত দহটাতকৈও অধিক গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰবোৰৰ তদন্ত অব্যাহত ৰখাৰ সময়তে  চিআইডিয়ে উক্ত গোচৰটো ৰুজু কৰে। জানিব পৰা মতে, শিক্ষা বিভাগে বিভাগীয়ভাবে অনুসন্ধান চলাই ৰাজ্যৰ কেইবাটাও অঞ্চল প্রশ্নকাকত ফাদিলৰ অভিকেন্দ্র বুলি চিহ্নিত কৰিছে। সেইমৰ্মে সকলো তথ্য তদন্তকাৰী সংস্থাটোক দাখিল কৰিছে শিক্ষা বিভাগে। আৰক্ষী সূত্ৰটোৱে সদৰী কৰা মতে ইতিমধ্যে চিআইডিয়ে প্রশ্নকাকত ফাদিলৰ অভিযোগ উঠা কেইবাখনো বিদ্যালয়ৰ প্রধান শিক্ষক, অধ্যক্ষ তথা ভাৰপ্রাপ্ত শিক্ষকৰ ভাষ্য গ্রহণ কৰিছে। চিআইডিৰ জেৰাত তেওঁলোকে এইক্ষেত্রত অজ্ঞতা প্রকাশ কৰাৰ লগতে চিআইডিয়ে বিচৰা ধৰণেই সহযোগিতা কৰাৰ আশ্বাস দিছে। চিআইডিয়ে প্রশ্নকাকত ফাদিল সন্দর্ভত সম্প্রতি উঠা সকলো অভিযোগ পৰীক্ষা কৰি আছে। আনহাতে, শিক্ষা বিভাগৰ এক সূত্রই সদৰী কৰা মতে উজনি অসমৰ ধেমাজি জিলাৰ ভিতৰুৱা অঞ্চলৰ বিদ্যালয়ৰ পৰাই প্রশ্নকাকত ফাদিল হোৱাৰ সন্দেহ প্রকাশ কৰা হৈছে। বিভাগীয় অনুসন্ধানত এই সন্দৰ্ভত কেতবোৰ তথ্যও শিক্ষা বিভাগে লাভ কৰিছে। অধিক তদন্তৰ বাবে উক্ত তথ্যসমূহ আৰক্ষীক দিয়া হৈছে বুলিও সুত্রটোরে লগতে কয়। ইপিনে প্রশ্নকাকত ফাদিল তথা নতুনকৈ পুনৰ বাকী থকা পৰীক্ষাসমূহ অনুষ্ঠিত কৰাক লৈও এখন গুৰুত্বপূর্ণ বৈঠক অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বামুণীমৈদামৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকখনত কেইবাটাও গুৰুত্বপূর্ণ বিষয় আলোচনা কৰা হয়। পৰিষদৰ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্রক ৰঞ্জন দাসে জানিবলৈ দিয়া মতে বাতিল হোৱা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাসমূহ সম্প্রতি অনুষ্ঠিত কৰা নহয়। আগন্তুক এপ্রিল মাহত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাবনা আছে। এতিয়ালৈকে চৰকাৰে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই। নির্বাচনৰ সময় ঘোষণাৰ পাছতেই পৰীক্ষাৰ সময়সূচীও ঘোষণা কৰা হ’ব। অবশ্যে সঠিকভাবে নক’লেও ব’হাগ বিহুৰ পাছতহে বাকী থকা পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয়। তদুপৰি প্রশ্নকাকত ফাদিলৰ ঘটনা সন্দর্ভতো বৈঠকত তন্ন তন্নকৈ আলোচনা অনুষ্ঠিত কৰা হয়। এইক্ষেত্ৰত তদন্তকাৰী সংস্থা চিআইডিয়ে বিচৰা মতেই সকলো সহযোগিতা পৰিষদৰ পৰা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হয়।