উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা ২৯ মাৰ্চলৈ বাতিল
ৰঙিলী বাৰ্ত্তাসেৱা- এখনৰ পাছত আনখনকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত বাতিল কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ ।অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (এএছএছইবি) দ্বিতীয় মণ্ডলে প্রথম বৰ্ষৰ পৰীক্ষাসমূহ বাতিল কৰিছে। অহা ২৪ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ অনুষ্ঠিতব্য বিষয়সমূহৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত লৈছে। ফলত উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ ৩ লক্ষাধিক শিক্ষার্থী গভীৰ শংকিত হৈ পৰিছে। প্ৰশ্নকাকত ফাদিলৰ ঘটনাই মনোবল ভাঙি পেলোৱাৰ পাছত এইবাৰ পৰীক্ষা বাতিলৰ সিদ্ধান্তই পৰীক্ষাৰ্থীসকলক কার্যতঃ অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে। অভিযোগ উঠিছে – এএছএছইবিৰ দ্বিতীয় মণ্ডলৰ একাংশ বিতর্কিত বিষয়াৰ অবিবেচকী কর্মকাণ্ডৰ ফল ভুগিবলগীয়া হৈছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে। এএছএছইবিৰ দ্বিতীয় মণ্ডলৰ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাস স্বাক্ষৰিত নিৰ্দেশনাটোত উল্লেখ কৰা মতে পৰীক্ষা অনুষ্ঠিত হ’বলৈ বাকী থকা বিষয়সমূহৰ প্ৰশ্নকাকতো ফাদিল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যিহেতু এই প্রশ্নকাকতসমূহ পৰীক্ষা অনুষ্ঠিত হোৱা ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ জিম্মাত আছে। এনে প্রেক্ষাপটত পূর্ব নির্ধাৰিত সময়সূচী অনুসৰি ২৪ মাৰ্চৰ পৰা ২৯ মার্চলৈ অনুষ্ঠিত হ’বলগীয়া বাকী বিষয়সমূহৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত লোৱা হৈছে। এএছএছইবি-২/এইচএছ ফাৰ্ষ্ট ইয়াৰ/ ইনষ্ট্ৰাকচনছ/২০২৫/১৯ নম্বৰ নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি অহা ২৪ মাৰ্চত অনুষ্ঠিতব্য এএছএছইবিৰ দ্বিতীয় মণ্ডলৰ ‘ব’ৰ্ড মিটিঙ’ত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে পৰীক্ষা বাতিলৰ সন্দৰ্ভত কয় যে প্রশ্নকাকত ফাদিল হোৱা আৰু প্রট’কল উলংঘাৰ বাতৰিৰ বাবে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্রথম বৰ্ষৰ বাকী থকা বিষয়সমূহৰ পৰীক্ষা বাতিল কৰা হৈছে। ইফালে গণিতৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে পৰিষদে কেইবাখনো বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে। সেই অনুসৰি ৰাজ্যৰ ১০ জিলাৰ ১৫খন ব্যক্তিগত আৰু তিনিখন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ বাবে জিলা শিক্ষা পৰিদৰ্শকক নির্দেশ দিয়াৰ লগতে শিক্ষানুষ্ঠানকেইখনৰ স্বীকৃতিও নিলম্বন কৰা বুলি ঘোষণা কৰিছে। এই সন্দৰ্ভত এএছএছইবিৰ দ্বিতীয় মণ্ডলৰ সচিবে এক নির্দেশ জাৰি কৰিছে। নির্দেশটোত উল্লেখ কৰা অনুসৰি ২১ মাৰ্চত সময়সূচী নির্ধাৰণ হৈ থকা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ তথ্য লাভ কৰাৰ লগে লগে ২০ মার্চত এক অধিসূচনাযোগে পৰীক্ষা স্থগিত ৰখা হয়। সমান্তৰালভাৱে ২০ মাৰ্চৰ ভিতৰতে শিক্ষানুষ্ঠানসমূহৰ পৰা গণিত বিষয়ৰ ছীলড প্ৰশ্নকাকতৰ পেকেট-কার্টন ঘুৰাই আনিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শক-মূল মহাবিদ্যালয় (লীড কলেজ)ৰ সকলো অধ্যক্ষক পৰামৰ্শ দিয়া হয়। কিন্তু সংশ্লিষ্ট বিদ্যালয়সমূহৰ পৰিদৰ্শক-মূল মহাবিদ্যালয়ৰ পৰা ব্যক্তিগত খণ্ডৰ উক্ত ১৫খন ব্যক্তিগত শিক্ষানুষ্ঠানে পোৱা গণিত বিষয়ৰ প্ৰশ্নকাকতৰ পেকেটৰ ‘ছীলড’ খোলা অৱস্থাত থকা বুলি তথ্য পোৱা হৈছে। অনুৰূপ কার্যত লিপ্ত হৈছিল চৰকাৰী খণ্ডৰ তিনিখন শিক্ষানুষ্ঠানে। অর্থাৎ এই শিক্ষানুষ্ঠানকেইখনৰ পৰাই প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দেহ কৰা হৈছে। সন্দেহৰ আৱৰ্তত সোমাই পৰা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানকেইখন হ’ল- বৰপেটা জিলাৰ পাল হাজিৰ আজাদ আঞ্চলিক জাতীয় বিদ্যালয়, বজালী জিলাৰ পাঠশালাৰ বজালী একাডেমী অব এক্সিলেঞ্চ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কাছাৰ জিলাৰ এডিথ ড’গ্লাছ এইচএছ স্কুল, প্রেছিডেঞ্চী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ধেমাজি জিলাৰ এনচিডি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, সুভিদ্য আৰইএম এইচএছ স্কুল, পশ্চিম জোনাই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, হাইলাকান্দি জিলাৰ হাইলাকান্দি ছায়েঞ্চ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কামৰূপ (মহানগৰ) জিলাৰ ড° ভবেন্দ্রনাথ শইকীয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, লখিমপুৰ জিলাৰ বঙালমাৰা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, মাজুলী জিলাৰ বিবেকানন্দ বিদ্যালয়, নগাঁও জিলাৰ বগৰীগুৰি এডভান্সড একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, আলফা বিটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, এছএএছ ইণ্টাৰনেচনেল মডেল স্কুল আৰু নলবাৰী জিলাৰ এমবিচিএছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। সেইদৰে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানকেইখন হ’ল- ধুবুৰী জিলাৰ লক্ষীগঞ্জ এইচ এছ স্কুল, কামৰূপ (মহানগৰ) জিলাৰ আৰ্য বিদ্যাপীঠ এইচ এছ স্কুল আৰু কামৰূপ জিলাৰ ৰঙিয়া গাৰ্লছ এইচ এছ স্কুল। লক্ষণীয়ভাবে ব্যক্তিগত তথা চৰকাৰী খণ্ডৰ এই শিক্ষানুষ্ঠানকেইখনৰ বিৰুদ্ধে সংশ্লিষ্ট বিদ্যালয়সমূহৰ পৰিদৰ্শকক এএছএছইবি দ্বিতীয় মণ্ডলৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰিবলৈ কোৱা হৈছে। আৰক্ষীৰ তদন্তৰ ফলাফল নোপোৱাপর্যন্ত ১৫খন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানকেইখনৰ স্বীকৃতি নিলম্বনৰ সময়ছোৱাত ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ নামভৰ্তিৰ অনুমতিও নাপাব। অৱশ্যে যিসকল ছাত্র-ছাত্রীয়ে একাদশ শ্ৰেণীত অধ্যয়ন কৰি আছে বা পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে অধ্যয়ন অব্যাহত ৰাখিব পাৰিব। তিনিখন চৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্রত আইনী ব্যৱস্থা গ্রহণ কৰিবলৈ এএছএছইবিৰ দ্বিতীয় সংমণ্ডলৰ সচিবে নিশাৰ ভাগত আনুষ্ঠানিকভাবে পত্ৰ প্ৰেৰণ কৰিছে বিদ্যালয় শিক্ষা বিভাগৰ সচিবলৈ।