উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ লাভ কৰা সকলোৱে নাপাব স্কুটি

উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ লাভ কৰা সকলোৱে নাপাব স্কুটি

ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ ঘোষণা।উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ প্ৰাপ্তই লাভ কৰিব স্কুটি।সংবাদমেল যোগে এই ঘোষণা ৰণোজ পেগুৰ।উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ পাছতেই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ফলাফলৰ পাছত তেওঁ সাংবাদিকৰ আগত কয় যে,”বিগত এটা দশকৰ পাছত সৰ্বশ্ৰেষ্ঠ ফলাফল। চলিত শিক্ষা বৰ্ষত কেউটা শাখাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। দশম শ্ৰেণীত স্ক্ৰিণিং হোৱাৰ বাবে এই হাৰ বৃদ্ধি পাইছে।”লগতে শিক্ষা মন্ত্ৰী গৰাকীয়ে কয়,প্ৰথম বিভাগ পালেও সকলোৱে স্কুটি নাপাব।তাত কাট অৱ মাৰ্ক থাকিব।নিৰ্ধাৰিত কাট অব্ মাৰ্ক লাভ কৰা সকলকহে দিয়া হ’ব স্কুটি।