উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে ৯ টা নামৰ অনুমোদন

pc-livelaw

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে ৯ টা নামৰ অনুমোদন

অনলাইন বাৰ্ত্তাসেৱা-  ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে ৯ টা নাম অনুমোদন জনাইছে। বৰ্তমান কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰাথনা ২০২৭ চনত ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হোৱাৰ বাট মুকলি হৈছে যদিহে চৰকাৰে তেওঁক সেই পদত নিযুক্তি প্ৰদান কৰে।

কলেজিয়ামে কেন্দ্ৰক এই ৯ জন ন্যায়াধীশৰ নামৰ পৰামৰ্শ দিবলৈ প্ৰায় দুবছৰ সময় ল’লে। ন্যায়াধীশ ইউ ইউ লিত, এ এম খান উইলকাৰ, ডি ৱাই চন্দ্ৰচূড়া আৰু এল নাগেশ্বৰ ৰাওৰ দ্বাৰা গঠিত ৫ জনীয়া কলেজিয়ামে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ পৰা ন্যায়াধীশ বি ভি নাগাৰাথনাককে ধৰি মুঠ তিনিগৰাকী মহিলা ন্যয়াধীশৰ নাম প্ৰেৰণ কৰিছে যিয়ে দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হ’ব পাৰে। অৱশ্যে এই তিনিগৰাকীৰ ভিতৰত বি ভি নাগাৰাথনা প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হোৱাটো প্ৰয়া নিশ্চিত হৈছে।