উচ্চতম ন্যায়ালৰৰ পৰা লেখ আবেদন প্ৰত্যাহাৰ শ্যামকানু মহন্তৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনখন প্রত্যাহাৰ কৰিলে শ্যামকানু মহন্তই। মহন্তৰ হৈ অধিবক্তা ৰাজ কমলে লেখ আবেদনখন প্রত্যাহাৰৰ বাবে উচ্চতম ন্যায়ালয়ত আর্জি জনায়। আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে উচ্চতম ন্যায়ালয়ত মহন্তৰ জামিনৰ বিৰোধিতাৰে অসম প্রদেশ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদে শেহতীয়াকৈ অনলাইনযোগে এখন সতর্কীকৰণ (কেভিয়েট) আবেদন দাখিল কৰিছিল। আহমেদৰ কেভিয়েটৰ পিছতে মহন্তৰ অধিবক্তাই তেওঁৰ লেখ আবেদনখন প্রত্যাহাৰৰ বাবে দেশৰ শীর্ষ আদালতত আবেদন জনোৱাটো তাৎপৰ্যপূৰ্ণ ৰূপে বিবেচিত হৈছে। মহন্তৰ হৈ লেখ আবেদনখন প্ৰত্যাহাৰৰ হকে উচ্চতম ন্যায়ালয়ত অধিবক্তা ৰাজ কমলে আর্জি জনোৱাৰ কথা নিশ্চিত কৰিছে আহমেদে। উল্লেখ্য যে নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুক সাবটি লৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। সেই ঘটনাৰ পিছৰে পৰা ছিংগাপুৰতে আত্মগোপন কৰি থাকে নর্থ-ইষ্ট ফেস্টিভেলৰ মূল উদ্যোক্তা সংস্কৃতিৰ দালালৰূপে অসমৰ জনমানসত চিহ্নিত হোৱা মহন্তই। বিদেশত আত্মগোপন কৰি থাকিয়েই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পৰা সকাহ পোৱাৰ আইনী সুৰুঙা বিচাৰি মহন্তই অধিবক্তা ৰাজ কমলৰ জৰিয়তে যোৱা ৩০ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ত ভাৰতীয় সংবিধানৰ ১৪, ১৫, ১৬, ১৯, ২০, ২১ আৰু ৩২নং অনুচ্ছেদৰ অধীনত এখন লেখ আবেদন দাখিল কৰিছিল। লক্ষণীয়ভাৱে লেখ আবেদনখন দাখিল হোৱাৰ পিছতে তেওঁ সেইদিনা মাজনিশা উপস্থিত হয় নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। তাতেই মহন্তক অসম আৰক্ষীৰ এছআইটিয়ে গ্ৰেপ্তাৰ কৰে। সম্প্রতি মহন্ত এছআইটিৰ জিম্মাতে আছে।