উচ্চতম ন্যায়ালয়ৰ ৰোষত বিৰোধী দলপতি ৰাহুল গান্ধী
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কঠোৰ সকীয়নি দিলে উচ্চতম ন্যায়ালয়ে । ভাৰতীয় সেনা জোৱানক লৈ বিতর্কিত মন্তব্য তথা দেশৰ ২,০০০ বর্গকিলোমিটাৰ ভূমি চীনে দখল কৰা বুলি দাবী কৰি অৱশেষত উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে বিৰোধী দলপতি ৰাহুল গান্ধী। সর্বোচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে এক মানহানি গোচৰৰ শুনানি গ্ৰহণৰ সময়ত কয় যে বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদগৰাকী যদি প্রকৃত ভাৰতীয় হ’লহেঁতেন, তেন্তে তেওঁ এনেধৰণৰ কাৰ্য নকৰিলেহেঁতেন। বিচাৰপীঠে লগতে কংগ্ৰেছ সাংসদগৰাকীৰ দাবীৰ সমৰ্থনত কোনো ধৰণৰ যুক্তিসংগত প্ৰমাণ আছে নেকি বুলিও প্রশ্ন উত্থাপন কৰে। উল্লেখ্য যে ২০২০ চনত গালৱান সংঘৰ্ষৰ পিছত ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে চীনে ভাৰতৰ ২,০০২ কিলোমিটাৰ ভূখণ্ড দখল কৰিছে। তদুপৰি অৰুণাচল প্ৰদেশত চীনা সৈন্যই ভাৰতীয় জোৱানক মাৰপিট কৰিছে। এই মন্তব্যৰ ভিত্তিতে কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰা হৈছে। ইফালে, ৰাহুলৰ অধিবক্তাই লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে বাতৰিকাকতত ছপা হোৱা খবৰ উত্থাপন কৰা বুলি দিয়া যুক্তিৰ আধাৰত বিচাৰপীঠে কয়- যদিহে তেওঁ এনে মন্তব্য কৰিব লগা আছিলেই সেয়া সংসদৰ পৰিৱৰ্তে ছ’চিয়েল মিডিয়াত কিয় দিলে? বাকস্বাধীনতা থাকিল বুলিয়েই ইয়াৰ অপব্যৱহাৰ কৰিব নোৱাৰে।