উচ্চতম ন্যায়ালয়ত সন্ধিয়া ৫ বজাত শিৱসেনাৰ ফ্ল’ৰ টেষ্টৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানি

উচ্চতম ন্যায়ালয়ত সন্ধিয়া ৫ বজাত শিৱসেনাৰ ফ্ল’ৰ টেষ্টৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানি

ৰঙিলী বাৰ্ত্তাসেৱা- ফ্ল’ৰ টেষ্টৰ বিৰুদ্ধে আজি সন্ধিয়া ৫ বজাত শিৱসেনাৰ মুখ্য সচেতক সুনীল প্ৰভুৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে সন্মতি প্ৰকাশ কৰিছে। প্ৰভুৱে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক নিজৰ সংখ্যাগৰিষ্ঠ সমৰ্থন প্ৰমাণ কৰিবলৈ দিয়া নিৰ্দেশনাক প্ৰত্যাহ্বান জনাইছিল। সেনাৰ নেতা সঞ্জয় ৰাউটে ফ্ল’ৰ টেষ্ট আদেশক “বেআইনী” বুলি অভিহিত কৰে।