উচুপনি
অলকা বুজৰ বৰুৱা
টিহু টাউন , নলবাৰী
সৰাপাতৰ বুকুত লিখা ৰ’ল
দুখৰ ৰাতিৰ উচুপনি
কলিজাৰ কোঁহে কোঁহে বিয়পিল
শূণ্যতাৰ চেঁচা শিহৰণ ।
বিষাদৰ বোজা ভাগৰুৱা কলিজা
সপোনৰ সমাধিত বহি
গুঠি আছো স্মৃতিৰ এধাৰি মালা ।
শেৱালি ফুলা ৰাতি ফেঁচা কুৰুলি
শেতেলিত দুখৰ এঙামুৰি
ওৰণি দাঙি এবাৰ চোৱা তুমি
দেখা পাবা মোৰ দুচকুত
চলনাৰ নিলিখা বুৰঞ্জীৰ চানেকি ।