অণুগল্প
উই হাঁফলু
মিতালি বৰঠাকুৰ,
মালিগাওঁ ( আদৰ্শ কলনী )
দেউতা , উই হাঁফলু মানে কি ? আজি আমাক বিদ্যালয়ত ঋষি বাল্মিকীৰ সাধু কৈছিল। দেউতাকে অলপ সময় মৌন হৈ ক’লে , এই চহৰত তুমি উই হাঁফলু নেদেখা। যদি তুমি চাব বিচাৰা গাঁৱৰ ককা – আইতাৰ ঘৰলৈ যাব লাগিব। ৰীয়াই আচৰিত হৈ দেউতাকক ক’লে , তোমালোক চোন ককা – আইতাৰ ওচৰলৈ নোযোৱাই। ককা – আইতাও বাৰু উই হাঁফলু হৈ গ’ল নেকি ? ৰীয়াৰ তাৎক্ষণিক প্ৰশ্নত দেউতাক নিমাত হৈ ৰ’ল।