ঈশ্বৰ শ্ৰী শ্ৰী হাটীসত্ৰত মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি পালন
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- আধ্যাত্মিক ভাবধাৰাই একতাৰ দোলেৰে সমাজখন ধৰি ৰখাত সহায় কৰে ।শুৱালকুছিৰ ঐতিহাসিক সত্ৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰু দুজনাৰ তিথি পৰ্ব সমূহ আধ্যাত্মিক ভাবে পালন কৰাৰ লগতে গুৰু দুজনাৰ শিষ্যসকলৰো তিথি পৰ্ব সমূহ পালন কৰা হয়।
বিগত বৰ্ষৰ দৰে এইবেলিও বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ ৩৮৫ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ১০অক্টোবৰ ২০২৫চন তাৰিখে কৰভাৰ অনুষ্ঠান ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰত অনুষ্ঠিত কৰে। শিশু সকলে কৃষ্ণ ৰূপত আৰু কৃষ্ণৰ লগৰীয়া গোপাল ৰূপত সাজপাৰ পৰিধান কৰি কান্ধত পুৰাকল /ঔটেঙা /কোমোৰা ইত্যাদি খাদ্য সামগ্ৰীৰ ভাৰ লৈ শাৰী পাতি লগতে আই-মাতৃ,বাপ -বান্ধৱ সকলৰ নাম প্ৰসঙ্গৰ শোভাযাত্ৰাই বৃহত্তৰ শুৱালকুছি অঞ্চলত মনোমোহা পৰিবেশত সকলো ভক্তি ৰসত বুৰ গৈছে। গাঁওৰ সকলোৱে কৰভাৰ হিচাপে সত্ৰখনলৈ কিছু আগবঢ়ায়। ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্ত বাপৰ তত্বাৱধানত গোটেই অনুষ্ঠানটো সুন্দৰকৈ অনুষ্ঠিত হয়।ভকত-বান্ধৱ,আই-মাতৃ ,শিশুলৈকে গুৰুগৃহ সত্ৰখনৰ পৰা সকলোকে একোটা সিধা আগবঢ়ায়।