ঈশ্বৰ ব্ৰহ্ম
ঈশ্বৰ ব্ৰহ্ম , ঈশ্বৰ প্ৰেম ,
ঈশ্বৰ আৰু প্ৰেমেই জীৱন ।
যি প্ৰেমত বিচাৰি পোৱা যায়
সৰগত কৈয়ো সুখৰ আনন্দ।
দুৰন্ত গতিৰে পাৰ হৈ যোৱা সময় বোৰ
ঈশ্বৰ আৰু প্ৰেমৰ এক অনাবিল সংমিশ্ৰণ
য’ত প্ৰেম হৈ পৰে ঈশ্বৰ প্ৰদত্ত
জীৱন হৈ পৰে ঈশ্বৰৰ অনুগ্ৰহ।
যাৰ বাবে তুমি , মই , হৈ পৰো ঈশ্বৰৰ আশীৰ্বাদ
য’ত প্ৰেম হৈ পৰে চিৰ শাশ্বত, চিৰ যুগমীয়া
সৃষ্টিৰ ঈশ্বৰ হৈ পৰে পৰম ব্ৰহ্মৰ বন্দনা।