ঈশ্বৰৰ পাঠশালা – অনন্ত কুমাৰ ভূঞা

ঈশ্বৰৰ পাঠশালা

অনন্ত কুমাৰ ভূঞা
ৱাৰ্ড নং-৩  নকাড়ী উত্তৰ লক্ষীমপুৰ
চলন্ত পৃথিৱীত অনন্ত সমস্যাৰ
জলন্ত সন্দিহান বুকুত বান্ধি
সংশয় সংকোচ এৰি
ঈশ্বৰক লগ পোৱাৰ সংকল্প লৈছোঁ ।
এদিন তীৰ্থভূমিত ভূমুকি মাৰিম
ঈশ্বৰৰ পাঠশালাত আদিপাঠ পঢ়িম
আধ্যাত্মিক জ্ঞানৰে হৃদয় জুৰাম
পুলকিত হ’ব ধূসৰিত মন ।
প্ৰজ্ঞানৰ যাত্ৰা পথত ভৰি দিম
ঈশ্বৰক বহু প্ৰশ্ন সুধিম ,
ঈশ্বৰ মানুহৰ সৃষ্টি নে
মানুহক ঈশ্বৰে সৃষ্টি কৰিছে
সেই জ্ঞানৰ টুকুৰা খৱৰ আদৰিম ।
ধৰ্ম্মৰ উদ্দেশ্য কি
বিশৃংখল সৃষ্টি নে  সমন্বয়ৰ বৃষ্টি
বিভেদ বিস্তাৰিত নে
প্ৰভেদৰ হাবিয়াস বৃদ্ধি
সমতাৰ মমতা ক’ত বহ্নিমান ?
এনে বহু প্ৰশ্ন কৰিম
গৰম বতাহত মগজু কিয় গলে
উত্তাপত মন কিয় উত্তেজিত হয়
সততাৰ ওজন কিমান
কৃত্ৰিম বুদ্ধিমত্তাৰ আধাৰ বিচাৰি চাম
ভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰিম ।
অৱতাৰী পুৰুষৰ ভেশচন কিয়
ধৰ্ম সাম্ৰাজ্য আটকধুনীয়া কিয়
ধৰ্ম কিয় ভিন্ন মতবাদেৰে সৃষ্টি  হয় !
সৃষ্টিকৰ্ত্তা এজনেই ,
তেন্তে ধৰ্ম্মৰ শব্দবোৰ
কিয় অকোৱা-পকোৱা জটিল,
ইয়াৰো উত্তৰ বিচাৰিম ।
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কাৰ
নিৰাকাৰ স্থিতিয়েই ঈশ্বৰৰ অস্তিত্ব
এই কথা সেই পঢ়াশালীত পাঠ আওৰাম
ধৰ্ম শিক্ষাৰে শিক্ষিত হ’ম
গ্লানি ম্লান পৰিব সন্মান বাট মুকলি হ’ব ।
চমৎকাৰৰ বন্ধ দুৱাৰ খুলিম
সীমাহীন জ্ঞান বোটলিম ,
মানৱতাৰ সংজ্ঞা পঢ়িম ,
যাক মই ধৰ্ম্ম বুলি ক’ব পাৰোঁ‌ ।