ঈদ মোবাৰক – এহিয়া আহমেদ

PC-Hindustan Times
ঈদ মোবাৰক
 এহিয়া আহমেদ
বৰথল কছাৰী গাঁও, মৈৰাবাৰী
সৌ চোৱা আকাশত
জোন ওলাইছে,
উছৱৰ বতৰ ঈদৰ খবৰ
মনবোৰ ভৰিছে।
মিঠাই, স্বেমাই, পোলাও, নাস্তা
মায়ে ৰান্ধিব,
নতুন কাপোৰ পিন্ধি অকণিহঁতে
উদৰ পূৰাই খাব।
ঈদ মানে আনন্দৰ উৎসৱ
মুক্ত হস্তে দান কৰা,
ঈদ মানে শত্ৰুতা পাহৰি
মিলা-প্ৰীতিৰে হাতে হাত ধৰা।
ঈদ মানে আত্মাৰ পৰিশুদ্ধি
সৌহার্দ্য-সংহতি প্রকাশ কৰা,
ধনী-দুখীয়া, উচ্চ-নিচ
ভেদাভেদ পাহৰা।
বছৰ ঘূৰিল ঈদ আহিল
সকলোকে শুভেচ্ছা জনালোঁ,
সম্প্ৰীতিৰ এনাজৰীডাল অধিক
মজবুত হোৱাৰ কামনা কৰিলোঁ।