ঈদ
ৰমজান আকৌ আহিছে
ৰহমতৰ বাৰ্তা লৈ
ধৰ্মপ্ৰাণগণ আগ্ৰহী
আল্লাহৰ সন্তুষ্টি পালন কৰিবলৈ।
কি যে এক মায়াময় পৰিৱেশ
নাই কোনো হিংসা, বিদ্বেষ
ভাতৃত্ব-বন্ধুত্বৰ এনাজৰীৰে
সমাজ আলোকিত হৈ পৰে।
চেহৰীৰ সময়ত,মছজিদৰ মাইকত
মধুৰ ধ্বনি উচ্চাৰিত হয়
সময় থাকোতে চেহৰী খাবলৈ
বিনম্র ভাৱে ক’য়।
গোটেইদিন উপবাসে থাকি
সন্ধিয়া ইফতাৰ ল’য়
ইশ্বাৰ সময়ত তাৰাবিহ পঢ়িবলৈ
সকলোৱে একত্ৰিত হয়।
হাঁহি বিৰিঙাবলৈ দুখিয়া সকলক
ফিৎৰা, জাকাত দিয়ে
সহায় পাই আনন্দতে
দৰিদ্ৰ সকলে ঈদৰ বজাৰ কৰে।
নতুন পোচাক পৰিধান কৰি,
সুগন্ধি লগাই সকলোৱে ঈদগাহলৈ যায়
নামাজ পঢ়ি, খোতবা শুনি
বিশ্ববাসীৰ মঙ্গলৰ দোৱা কৰি
পৰম শান্তি পায়।
মতিউৰ ৰহমান
উদমাৰী (নগাঁও)