ঈদুল ফিতৰ সম্পৰ্কে আলোকপাত
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
ইছলাম ধৰ্মীয় মুছলমান সকলৰ আটাইতকৈ দুটি ডাঙৰ উৎসৱ হ’ল ঈদুল ফিতৰ আৰু ঈদুল আযহা ।আমি আজি ঈদুল ফিতৰ সম্পৰ্কে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম। ঈদুল ফিতৰ আৰবী শব্দ ; ইয়াৰ অৰ্থ হ’ল ৰোজা / উপবাস ভঙাৰ উৎসৱ। ইছলামিক বৰ্ষপঞ্জী মতে নৱম মাহ ৰমজান বা ৰমাদান মাহৰ সম্পূৰ্ণ দিন কেইটা ( চন্দ্ৰ মাহ মতে ২৯ দিন বা ৩০ দিন ) ছবেহ ছাদেকত (পুৱতি নিশা) ছেহেৰী ( ৰোজা ৰখাৰ বাবে খাদ্য খোৱা) খাই ৰোজাৰ নিয়েত বান্ধি সন্ধিয়া সময়ত ( মগৰিবৰ নামাজৰ পাছতেই) ইফতাৰ খাই( ৰোজা ভঙ্গৰ খাদ্য খোৱা) ৰোজা ভঙ্গৰ এক নিৰ্দিষ্ট নিয়ম পালন কৰা হয়। ৰোজাক আৰবী ভাষাত ছিয়াম বুলি কোৱা হয় ; যাৰ অৰ্থ বিভিন্ন কু-প্ৰবৃত্তিৰ পৰা বিৰত থকা। অপৰিসীম কষ্ট, ত্যাগ,তিতিক্ষা,আত্ম-সংযম আৰু কৃচ্ছ্ব সাধনা আৰু পৰীক্ষা-নীৰিক্ষাৰ মাজেৰে সম্পূৰ্ণ এটা মাহ ৰোজাৰ মাধ্যমত শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰিবলৈ সক্ষম হোৱাৰ মহা আনন্দত আৰবী শাওয়াল মাহৰ এক তাৰিখে আকাশত দৃশ্যমান কাঁচি জোনক লক্ষ্য কৰি মহা ধুমধামেৰে ৰোজা (উপবাস) ভঙাৰ উৎসৱ ঈদুল ফিতৰ উদ্ যাপন কৰে। সেই কাৰণে কোৱা হয়, যিজন মুছলমানে সুস্থ শৰীৰেৰেও ৰোজা পালন নকৰে, তেওঁৰ বাবে ঈদুল ফিতৰ উদ্ যাপন কৰাৰ কোনো অৰ্থ নাই।যি কি নহওঁক, ঈদুল ফিতৰ হৈছে, ইছলামিক ধৰ্মীয় মুছলমান সকলৰ মহোৎসৱ ।ঈদৰ আগৰ ৰাতিক লাইলাতুল জায়জা ( পুৰস্কাৰৰ ৰজনী) বা সাধাৰণ জনগণৰ ভাষাত জোনৰ ৰাতি বুলি কোৱা হয়। শাওয়াল মাহৰ কাচিজোন সূৰ্যাস্তত দেখা দিলে তাৰ পিছদিনাই ঈদুল ফিতৰ উদ্ যাপন কৰা হয়। পৃথিৱীৰ সকলো ধৰ্মৰ ডাঙৰ উৎসৱৰ ভিতৰত আটাইতকৈ কণিষ্ঠতম উৎসৱ হ’ল ইছলাম ধৰ্মৰ ধৰ্মীয় উৎসৱ ” ঈদুল ফিতৰ”। আজিৰ পৰা প্ৰায় ইংৰাজী ১৩৮০ বছৰ পূৰ্বে এই পুণ্যময় উৎসৱৰ সূত্ৰপাত হৈছিল। ইছলামৰ প্ৰিয় নবী হজৰত মহম্মদ মোস্তফাই (ছাঃ) মদিনাত হিজৰত কৰাৰ পৰৱৰ্তী ঈদুল ফিতৰ উৎসৱ আৰম্ভ হয়। হজৰত আনাছ (ৰাঃ) বৰ্ণিত এটি হদীচ মতে প্ৰিয় নবীয়ে মদিনাত পদাৰ্পন কৰিয়েই লক্ষ্য কৰিলে যে, মদীনা-বাসীয়ে মহা ধুমধামেৰে বছৰৰ দুদিন উৎসৱ পালন কৰে। তেতিয়া প্ৰিয় নবীয়ে প্ৰশ্ন উত্থাপন কৰি জানিব পাৰিলে যে , মদীনা-বাসীয়ে জাহিলিয়াত ( অন্ধকাৰ) যুগৰ পৰাই এই দুটি উৎসৱ পালন কৰি আহিছে। ছুনান আবু দাউদ,কিতাবুল ঈদায়ন প্ৰসঙ্গত উল্লেখ্য যে, পাৰস্যৰ ধৰ্মীয় প্ৰভাৱত শৰতৰ পূৰ্ণিমা ৰাতি ” নওৰোজ” ( নৱ বৰ্ষ ) নামেৰে আৰু বসন্তৰ পূৰ্ণিমাৰ ৰাতি ” মিহিৰজান ” নামেৰে দুটি উৎসৱ মদীনা-বাসীয়ে বিভিন্ন আনন্দ -আহ্লাদ, খেল-ধেমালি আৰু কু-ৰুচি পূৰ্ণ ৰং তামচাৰ মাধ্যমত উদ্ যাপন কৰিছিল। উৎসৱ দুটিৰ ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ আছিল সম্পূৰ্ণ ৰূপে ইছলাম আদৰ্শৰ পৰিপন্থী। জৰথুস্ত্ৰ প্ৰৱৰ্তিত ” নওৰোজ” আছিল নৱ বৰ্ষৰ উৎসৱ। ছয় দিনীয়া এই উৎসৱত মাত্ৰ এদিন দুখীয়া মানুহক অংশ গ্ৰহণ কৰিবলৈ দিয়া হৈছিল। বাকী পাঁচদিন সম্ভ্ৰান্ত পৰিয়ালৰ মানুহ বা উচ্চ বৰ্গৰ মানুহ বিলাকৰ বাবে সংৰক্ষিত। মিহিৰজান উৎসৱতো পাঁচ দিনৰ এদিন মাথোঁ দুখীয়া মানুহক অংশগ্ৰহণ কৰিবলৈ বাকী পাঁচদিন সম্ভ্ৰান্ত শ্ৰেণীটোৱে উপভোগ কৰে । শ্ৰেণী-বৈষম্য, ধনী -দুখীয়াৰ মাজত কৃত্ৰিম প্ৰাৰ্থক্য , ঐশ্বৰ্য-অহমিকা , অশালীনতা পূৰ্ণ কলুষ-কালিমাৰে ভৰা উৎসৱ। তেতিয়া হজৰত মহম্মদ মোস্তফাই (ছাঃ) মদীনা-বাসীক উদ্দেশ্য কৰি কৈছিল যে, শ্ৰেণী-বৈষম্য কলুষিতাৰে ভৰা উদ্দেশ্য-হীন অপ-সংস্কৃতিৰ বাহক উৎসৱ দুটিত কৈ তেওঁ উদেশ্যপূৰ্ণ, শ্ৰেণী বৈষম্য হীন, সুৰুচিপূৰ্ণ আৰু সু-সংস্কৃতিৰ বাহক-ৰূপী দুটি উৎসৱ উপহাৰ প্ৰদান কৰিব ; সেই উৎসৱ দুটি হ’ল, ঈদুল ফিতৰ উৎসৱ আৰু ঈদুল আযহা উৎসৱ। তেতিয়াৰ পৰাই বিশ্বৰ মুছলমান সকলে এই দুটি উৎসৱ উদযাপন পালন কৰি আহিছে।সেই উপলক্ষে মুছলমানসকলে ঈদুল ফিতৰৰ কাঁচি জোন আকাশত উদয় হোৱাৰ লগে লগে আনন্দ -উৎসৱত মতলীয়া হৈ পৰে আৰু ফেচবুক, হোৱাইটচ এপপ, ইউটিউব,ইনষ্টেগ্ৰাম আদি সামাজিক মাধ্যমৰ জৰিয়তে পৃথিৱীৰ সকলো প্ৰান্তৰ মানুহে ইজনে সিজনক ঈদৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। লগতে ঈদুল ফিতৰ উৎসৱৰ দিনা ইছলাম ধৰ্মী মুছলমান সকলে নানা ধৰ্মীয় আনুষ্ঠানিকতা পালন কৰে। ঈদৰ দিন ৰোজা ৰখা নিষিদ্ধ। ঘৰৰ পৰিয়ালৰ সকলোৱে সোনকালেই পুৱাৰ পৰা উঠি সুগন্ধি চাবোনেৰে গা ধুই পৰিষ্কাৰ-পৰিচ্ছন্ন কাপোৰ কানি পিন্ধে। সাধাৰণতে ঈদৰ সময়ত বেছিভাগ ল’ৰা ছোৱালীয়ে পৰম্পৰাগত নতুন ৰঙীন কাপোৰ কিনি পৰিধান কৰে। ছোৱালী বিলাকে চেলোৱাৰ -কামিজ, মেখেলা চাদৰ, শাৰী, লেহেঙ্গা আদি আৰু সোণৰ বা হীৰাৰ আ-অলঙ্কাৰ পিন্ধে। ল’ৰা বিলাকে পায়জামা, পাঞ্জাবী,কুৰ্তা , ছেৰোৱানী, মূৰত টুপী পিন্ধে । বাংলাদেশৰ ঢাকাত ঈদৰ সময়ত ডেকা-গাভৰুয়ে দৰা-কইনাৰ সাজ পৰিধান কৰি ফূৰ্তি কৰা এটি পৰম্পৰা এতিয়াও প্ৰচলিত হৈ আছে। সকলোৱে চকুত ছুৰ্মা,গাত আতৰ লগায়। তাৰ পিছত ঘৰৰ সকলোৱে একেলগে বহি মিঠাই জাতীয় প্ৰধানকৈ চেঁৱাই, পায়স , বিভিন্ন ফলমূল যেনে খেজুৰ,আপেল আদি মহা তৃপ্তিৰে খায়। পৰস্পৰে পৰস্পৰক ” ঈদ মোবাৰক ” জনায়। সৰুৱে ডাঙৰক ছালাম যাচে, ভৰি চুই সেৱা কৰে । ডাঙৰে সৰুক দোৱা ( আশীৰ্বাদ) দি টকা পইচা বা নানা উপহাৰ দান কৰে। সকলোৱে হাস্য মধুৰ বদনে সমবেত ভাবে ঈদগাহ ময়দানলৈ খোজ কাঢ়ি যায়। যাওঁতে পিতৃ পুৰুষৰ কবৰস্থানক উদ্দেশ্যি বিশেষ ধৰণে ছালাম যাঁচে। আৰু ঈদগাহ ময়দানলৈ গৈ উপস্থিত হোৱাৰ আগলৈকে আল্লাহৰ গুণ কীৰ্তন, যেনে ” আল্ লাহু আকবাৰ্,আল্ লাহু আকবাৰ্। লা ইলাহা ইল্ লা ল-লাহ্ ওয়াল্-লাহু আকবাৰ, আল্ লাহু আকবাৰ্ ওয়ালিল – লাহি্ ল্-হাম্ দ্ ।” তেনেকৈ আল্লাহৰ গুণ কীৰ্তন কৰি কৰি ডাঙৰৰ সৈতে সৰু সৰু ল’ৰা-ছোৱালীবিলাকেও ঈদগাহ ময়দানত যায়। ঈদগাহ ময়দানত গৈ ঈদৰ বিশেষ নামাজ পঢ়াৰ আগতে আৰ্থিক ভাবে স্বচ্ছল ব্যক্তি সকলে গাই পতি হিচাপত জাতি -ধৰ্ম-বৰ্ণ -নিৰ্বিশেষে সকলো দুখীয়া মানুহক ধৰ্মীয় ৰীতি অনুযায়ী ফিৎৰা প্ৰদান কৰে। লগতে উপাৰ্জনৰ এটা অংশ ধৰ্মীয় নিয়মানুযায়ী জাকাত হিচাপে দুখীয়া মানুহক আদায় কৰে। ঈদুল ফিতৰ নামাজ আদায় কৰাৰ প্ৰায় এসপ্তাহ আগৰে পৰাই ঈদগাহ ময়দান, জুম্মা , ৰাস্তা-পদূলি ,এনেকি গোটেই চুবা বা পাৰাখন নানা ৰং -বিৰঙৰ আলোক সজ্জাৰে সজ্জিত কৰে ; অসংখ্য বেলুন ওলমাই ৰাখে, ৰঙীন কাগজ আৰু ৰঙীন কাপোৰেৰে চাৰিওফালে সজাই পৰাই তোলা হয়। ঘৰ-বাৰী, পদূলি মূখত বাৰে-বৰণীয়া ৰং সানে। ঈদগাহ ময়দানৰ সন্মুখত ধুনীয়াকৈ গেট সজাই ঈদ মোবাৰক লিখা হয়। ময়দানৰ ওপৰত ছামিয়ানা( চন্দ্ৰতাপ) তৰি দিয়া হয়। চাৰিওফালে ইছলামিক পতাকা উত্তোলন কৰা হয়। নামাজ পঢ়াৰ বাবে মাটিত পৰিষ্কাৰ কাপোৰ পাৰি দিয়া হয়। ইমামে ইমামতি কৰা ঠাইখিনি আটকধুনীয়াকৈ সজাই দিয়া হয়। ইমামৰ পাছত সকলোৱে শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ ভাবে জামাআতত ( শাৰী শাৰীকৈ আসন গ্ৰহণ) অংশীদাৰ হৈ ইমামক অনুসৰণ কৰি ঈদুল ফিতৰৰ নিয়েত বান্ধি ” আল্ লাহু আকবাৰ , আল্ লাহু আকবাৰ” বুলি ছয় তাকবীৰৰ সৈতে “ঈদুল ফিতৰ”ৰ বিশেষ নামাজ সম্পূৰ্ণ কৰে।” ঈদুল ফিতৰ”ৰ নামাজ শেষ হোৱাৰ পিছত ইমামে খোৎবা পাঠ কৰে । তাৰ পিছত সকলোৱে মিলি জুলি আল্লাহ -তাৱালাৰ ওচৰত বিশ্বৰ সকলো দেশৰ সকলো মানুহৰ বাবে সুখ-শান্তি , মঙ্গল, সমৃদ্ধি কামনা কৰাৰ লগতে বেমাৰ-আজাৰ, দূৰ্ভিক্ষ, যুদ্ধ , অপায় -অমঙ্গল আদি দূৰীকৰণৰ বাবে কামনা কৰি দুহাত তুলি মোনাজাত কৰে । মৃত ব্যক্তিৰ ৰুহৰ মাগ ফিৰাত অৰ্থাৎ আত্মাৰ চিৰ শান্তি কামনা কৰি তেওঁলোকে যাতে বেহেস্তবাসী ( স্বৰ্গগামী) হয় তাৰ বাবেও আল্লাহৰ ওচৰত হাত তুলি কৰযোৰে প্ৰাৰ্থনা কৰে । নিজৰ সকলো ভুল-ত্ৰুতিসমূহ বা কবীৰা গুনাহ আৰু ছবীৰা গুনাহ ( ডাঙৰ আৰু সৰু পাপসমূহ) আল্লাহ -তাৱালাই যাতে আপোন সন্তান বুলি ক্ষমাৰ চকুৰে চাই ধুই পখালি কোলাত তুলি লয় , তাৰ বাবেও আল্লাহৰ ওচৰত সম্পূৰ্ণভাৱে আত্মসমৰ্পণ কৰে।মোনাজাত শেষ হোৱাৰ পিছত সকলোৱে ইজনে সিজনক কৰমৰ্দন আৰু সাৱটি ধৰি আলিঙ্গন আৰু শুভেচ্ছা জ্ঞাপন কৰে। আৰু যি ৰাস্তাৰে তেওঁলোকে ঈদগাহ ময়দানত উপস্থিত হয়, উভতি যোৱাৰ সময়ত অইন পথেৰে ঘৰলৈ ৰাওনা হয় ; যাতে বহুত মানুহৰ লগত তেওঁলোকৰ দেখা -সাক্ষাৎ হয় আৰু পৰস্পৰে পৰস্পৰক ছালাম, কৰমৰ্দন আৰু আলিঙ্গন কৰি কুশল বাৰ্তা ল’ব পাৰে। ঘৰত উপস্থিত হৈ শ্ৰদ্ধাৰ মা,প্ৰিয় পত্নী,ভনী আৰু বান্ধবীৰ হাতৰ সুস্বাদু খাদ্য, যেনে– পোলাও, কোৰ্মা, বিৰিয়ানী, কাবাব,চপ ,টিকিয়া, পুৰি লুচি,ভজা মাছ ইত্যাদি আনন্দ-উচ্ছল পৰিৱেশৰ মাজত নিজেও উপভোগ কৰে , আত্মীয়-স্বজন, প্ৰতিৱেশীক নিমন্ত্ৰণ কৰি খুওৱায়। ঈদুল ফিতৰ নামাজ আদায় কৰাৰ পিছৰ পৰা প্ৰায় এ সপ্তাহ ধৰি আত্মীয়-স্বজন আৰু প্ৰতিৱেশীৰ ঘৰে ঘৰে দলেবলে গৈ পৰস্পৰে একত্ৰিত হৈ আনন্দ-বিনোদন হাঁহি -ধেমালি , নিৰ্দোষ আমোদ-প্ৰমোদ আৰু সুস্বাদু খাদ্য উপভোগ কৰি আত্মীয়তা গাঢ় কৰি তোলে। কোনো কোনো দেশত ঈদৰ পিছদিনা হাজাৰ হাজাৰ মানুহে ৰঙীন পোছাক আৰু উৎসৱৰ শুভেচ্ছা বাৰ্তা লৈ পথে পথে ঈদ-মিছিল কৰে। ঈদৰ কেইদিনমান পিছত সমাজৰ সংস্কৃতি-বান সুৰুচি-সম্পন্ন ব্যক্তি সকলৰ পৃষ্ঠপোষকতাত” ঈদ মেহেফিল” পাতি দেশৰ সুখ্যাতি অৰ্জন কৰা শিল্পীসকলৰ দ্বাৰা কাৱালী, ইছলামিক গজল আদি পৰিৱেশন কৰি এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰা হয়। সৰু সৰু ল’ৰা-ছোৱালীবিলাকক উৎসাহিত কৰাৰ বাবে নানা খেল-ধেমালি আৰু নৃত্য-গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ডাঙৰ মানুহৰ মাজতো নাও খেলা , কাবাডী খেলা আৰু আধুনিক ক্ৰিকেট খেলা, ফুটবল খেলা আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰোজাৰ ৰমজান বা ৰমাদান মাহৰ পৰা শাওৱাল মাহৰ ঈদুল ফিতৰ উৎসৱ উদযাপন হোৱালৈকে বিভিন্ন ঠাইত নানা ঈদ মেলাও বহে ; য’ত নানা ধৰণৰ দামী প্ৰসাধন সামগ্ৰী, ফলমূল, ন ন সাজৰ কাপোৰ-কানি ,আ -অলঙ্কাৰৰ বেচা কিনা চলে। গোটেই মাহটোত টিভি আৰু বোলছবিত ঈদ উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে। ঈদৰ গান আৰু তথ্যচিত্ৰই অঞ্চলখন ৰজনজনাই থাকে। বিভিন্ন বাতৰি কাকত আৰু আলোচনীসমূহে ” ঈদ সংখ্যা” প্ৰকাশ কৰি ঈদুল ফিতৰৰ তাৎপৰ্য সম্পৰ্কে বিশেষ নিৱন্ধ বা কবিতা প্ৰকাশ কৰে।মুঠতে, ঈদুল ফিতৰ ইছলাম ধৰ্মৰ ডাঙৰ উৎসৱ যদিও ইয়াৰ জৰিয়তে ঐক্য, শান্তি, মানৱতা আৰু বিশ্ব-ভ্ৰাতিত্ববোধৰ আদৰ্শ দাঙি ধৰা হয়। বিশ্বৰ সকলো ধৰ্মৰ উৎসৱৰ মূল উদ্দেশ্য আৰু লক্ষ্য হ’ল একেটাই ; বিশ্বত শান্তিৰ পৰিৱেশ সৃষ্টি কৰা। আমি যদি এই উৎসৱসমূহৰ বাহ্যিকতা পৰিহাৰ কৰি ইয়াৰ প্ৰকৃত আদৰ্শক হাতে কলমে (Letter and Spirit) পালন কৰোঁ, তেনেহলে এই বিশ্বখন এটি মহান পবিত্ৰ ভূমিলৈ ৰূপান্তৰ হ’ব।