ঈদুজ্বোহা : পয়গম্বৰ ইব্ৰাহিম (আঃ)মহান ত্যাগক স্মৰণ – এম হাছিম আলী

ঈদুজ্বোহা : পয়গম্বৰ ইব্ৰাহিম (আঃ)মহান ত্যাগক স্মৰণ 

এম হাছিম আলী,ডিব্ৰুগড়

ইছলাম ধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ হৈছে ‘ঈদ’। ঈদ বছৰত দুটাকৈ বিশ্বজুৰি  সাৰ্বজনীন হিচাপে পালন কৰা হয়। ইয়াৰে এটা হৈছে ‘ঈদুল ফিতৰ’ বা দানৰ উৎসৱ আৰু আনটো হৈছে ‘ঈদুজ্বোহা’ বা বকৰি ঈদ যাক ত্যাগৰ উৎসৱ বুলিও কোৱা হয়। ঈদুজ্বোহা হৈছে শেষ বাৰ্ষিক উৎসৱ।

ব্যক্তি জীৱনত যেনেকৈ আনন্দৰ প্ৰয়োজন, তেনেকৈ জাতীয় জীৱনতো আনন্দ উৎসৱৰ প্ৰয়োজন।সৃষ্টিকৰ্তা মহান আল্লাহক সত্য আৰু বাস্তৱত ৰূপ দিব পৰাটোৱেই হৈছে আনন্দ।

ঈদ আৰৱী শব্দ। ইয়াৰ আভিধানিক অৰ্থ হৈছে আনন্দ। আৰব অভিধানকাৰী সকলৰ মতে প্ৰতিবছৰে আনন্দ আৰু তৃপ্তিৰ বতৰা লৈ আহে বাবে ইয়াৰ চমু নাম বাৰে বাৰে ঘূৰি অহা উৎসৱ।

ইছলাম হৈছে এক সম্পূৰ্ণ পৰিপূৰ্ণ জীৱন ব্যৱস্থা , যিয়ে মানুহৰ জীৱনৰ প্ৰতিটো দিশতে জন্মৰ পৰা মৃত্যুলৈকে নিৰ্দিষ্ট পথ প্ৰদৰ্শন কৰে।  পৱিত্ৰ কোৰআনত ইয়াৰ সম্পূৰ্ণ বিৱৰণ আছে।প্ৰতিতো ধৰ্মৰ ধৰ্মগ্ৰন্থত থকাৰ দৰে  এই ইছলাম ধৰ্মতো পৱিত্ৰ কোৰাণ আৰু হাদিচ গ্ৰন্থত উপদেশ আৰু মানৱতাৰ পৰিত্ৰাণ, কল্যাণ আৰু আখিৰাত বা শেষ বিচাৰৰ  দিনৰ কথা কোৱা আছে ,লগতে সফলতাৰ নিশ্চয়তা আছে। তেনে এক গুৰুত্বপূৰ্ণ এবাদত বা উপসনা আৰু আধ্যাত্মিক অনুশীলন হ’ল ‘কোৰবানী’। কোৰবানী হৈছে এনে এক উপাসনা, যাৰ যোগেদি এজন প্ৰকৃত ইছলাম ধৰ্মীলোক সম্পূৰ্ণ আত্মত্যাগ আৰু আজ্ঞা পালনৰ দ্বাৰা সকলো ত্যাগ কৰিব পাৰে। এয়া কোনো অন্ধবিশ্বাস নহয়, বৰঞ্চ পবিত্ৰ চুন্নত আৰু আল্লাহৰ প্ৰতি থকা অগাধ বিশ্বাস । কোৰবানীৰ প্ৰকৃত শৈক্ষিক পাঠ যদি আমি হৃদয়ত ল’ব পাৰো, তেন্তে সমাজৰ পৰা হিংসা, বিদ্বেষ,লোভ, স্বাৰ্থপৰতা আৰু নিৰ্দয়তা দূৰ হ’ব। কোৰবানী বা ত্যাগে আমাক শিকাইছে সৃষ্টিকৰ্তাৰ আজ্ঞা চূড়ান্তভাৱে পালন কৰিবলৈ। আনকি নিজৰ প্ৰিয় বস্তুবোৰো আল্লাহৰ নামত উৎসৰ্গা কৰা উচিত। দুখীয়াৰ লগত সুখৰ ভাগ-বতৰা কৰাটো বাস্তৱ আল্লাহৰ প্ৰতি পৰম ভক্তি, আত্মত্যাগ আৰু ভালপোৱা প্ৰকাশ কৰে।

প্ৰতি বছৰে জ্বিলহজ্ব মাহৰ ১০ তাৰিখৰ পৰা ১২ তাৰিখলৈকে ইছলামধৰ্মী লোকসকলে  ঈদ-উল-আজ্বহা পালন কৰে। এই ঈদত তিনিদিন পশু ছাগলী , ভেড়া,ডুম্বা আদি কোৰবানী কৰিব পাৰে। এই ত্যাগ কেৱল পশুবধৰ ৰীতি নহয়,বৰঞ্চ গভীৰ আধ্যাত্মিকতা, আল্লাহ ভীৰুতা লাভৰ প্ৰশিক্ষণ আৰু আল্লাহৰ সন্তুষ্টিৰ প্ৰতি ভক্তি দেখুৱায়।

কোৰবানীৰ ইতিহাস অতি পুৰণি অৰ্থাৎ আজিৰ পৰা প্ৰায়  পাঁচ হাজাৰ বছৰ আগৰ কথা আৰু ইয়াৰ লগত জড়িত হৈ আছে কোৰবানীৰ এক অবিস্মৰণীয় কাহিনী, যিটো আল্লাহৰ একনিষ্ঠ সাধক, খলিল, পয়গম্বৰ হজৰত ইব্ৰাহিম (আঃ) আৰু তেওঁৰ পুত্ৰ হজৰত ইছমাইল (আঃ)ৰ  জড়িত ঘটনাৰ লগত জড়িত আৰু আজিও অমৰ হৈ আছে। আল্লাহ তা’লাই এবাৰ তেওঁৰ প্ৰিয় নবী হজৰত ইব্ৰাহিম (আঃ)ক কঠোৰ পৰীক্ষাত পেলাইছিল। এদিন সপোনত আদেশ দিলে যে তেওঁ আল্লাহৰ কাৰণে নিজৰ প্ৰিয় পুত্ৰক কোৰবাণী বা ত্যাগ কৰিব  লাগে। পিতৃ হিচাপে তেওঁৰ হৃদয় কিমান ভাঙি পৰিছিল সেয়া কল্পনাতীত বা বিশ্বাস কৰিবলৈ টান। তথাপি তেওঁ আল্লাহৰ আদেশ পালনত এক মুহূৰ্তৰ বাবেও কুণ্ঠাবোধ কৰা নাছিল। সন্তানৰ সৈতে তেওঁ নিঃসংকোচে পাহাৰৰ এক নিৰ্দিষ্ট স্থানলৈ গুচি গ’ল। আনকি পুত্ৰ হজৰত ইছমাইলো (আঃ) এই আদেশ পালনত সম্পূৰ্ণ প্ৰস্তুতি আৰু আন্তৰিকতা প্ৰদৰ্শন কৰে। অৱশেষত যেতিয়া ইব্ৰাহিমে (আঃ) নিজৰ মৰমৰ পুত্ৰৰ ডিঙিত ছুৰি লগালে তেতিয়া আল্লাহৰ পৰা ঘোষণা আহিল – হে ইব্ৰাহিম! তুমি ক্ষান্ত হোৱা আৰু সপোনক বাস্তৱাত  ৰূপ দিলা আৰু তোমাৰ পুত্ৰৰ বিনিময়ত কাষতে থকা  জন্তুটি আল্লাহৰ নামত কোৰবানী কৰা। আৰু তেতিয়াৰ পৰাই সেই মহান ত্যাগক স্মৰণ কৰি প্রতি বছৰে ঈদুজ্বোহাত জন্তু কোৰবানী কৰাৰ প্ৰথা প্ৰচলিত হৈ আছে। হাজী সকলেও আৰৱৰ মক্কা মদিনাত দুম্বা, ছাগলী, উট আদি কোৰবানী কৰি সেই দিনটোক শ্ৰদ্ধাৰে ইব্ৰাহিম (আ:)ক সোঁৱৰে।

কোৰবানীৰ উদ্দেশ্য জীৱ-বধ নহয়, হৃদয়ত নিহিত হৈ থকা নিয়ত, সত্য আৰু বাস্তৱক ৰূপ দি আল্লাহৰ সন্তুষ্টি কামনা কৰা। হাদিছত উল্লেখ আছে যে আদমৰ সন্তানে কোৰবানীৰ দিনা আল্লাহৰ আটাইতকৈ ভালপোৱা বস্তুক  শোণিত বোৱাই দিয়া আৰু কিয়ামত বা শেষ বিচাৰৰ দিনা এই কোৰবানী পুণ্য লাভ কৰিব বুলি কোৱা আছে লগতে সেই জন্তুৰ শোণিত মাটিত পৰাৰ আগতেই আল্লাহৰ ওচৰত তাৰ নিয়ত পায়গৈ। গতিকে, আনন্দৰে ত্যাগ কৰক। (হাদিচ তিৰমিজি- ১৪৯৩)। এইটোৱেই স্পষ্ট প্ৰমাণ যে কোৰবানী কেৱল বাহ্যিক কাৰ্য্যই নহয়, বৰঞ্চ আভ্যন্তৰীণ শুদ্ধিকৰণ, ঈমানৰ পূৰ্ণতা আৰু আল্লাহৰ প্ৰতি গভীৰ প্ৰেমৰ প্ৰকাশ কৰা। কোৰবানীৰ গুৰুত্ব আৰু গুণ: কুৰবানীৰ গুণ ইমানেই বেছি যে ইয়াৰ গুৰুত্ব আল্লাহৰ কিতাব আৰু নবী (ছঃ)ৰ হাদিছত বাৰে বাৰে আলোকপাত কৰা হৈছে। পৱিত্ৰ কোৰআনত আল্লাহ তা’লাই কৈছে, মই প্ৰতিটো জাতিৰ বাবে কোৰবানীৰ ব্যৱস্থা কৰিছো, যাতে তেওঁলোকে আল্লাহৰ নাম স্মৰণ কৰি আল্লাহৰ দ্বাৰা দিয়া পশুবোৰক কোৰবানী কৰে। (চুৰা হজ- ৩৪) আন এক আয়াতত কোৱা হৈছে যে জন্তুৰ মাংস বা তেজ আল্লাহৰ ওচৰলৈ নাযায়, কিন্তু তোমালোকৰ ধৰ্মপৰায়ণতা বা প্ৰকৃত নিয়তহে আল্লাহৰ ওচৰলৈ যায়। (চুৰা হজ-৩৭) অৰ্থাৎ ইয়াৰ মূল উদ্দেশ্য হৈছে হৃদয়ত এক প্ৰকাৰৰ ধৰ্মপৰায়ণতা, কৰুণা আৰু মানৱতাৰ জন্ম হয়। ইছলামিক আদৰ্শ সমাজৰ ভেটি স্বৰূপ ।সমাজত সহযোগিতা আৰু আত্মত্যাগৰ মনোভাৱ গঢ় লৈ উঠে। আজিৰ যুগত বলিদানৰ মনোভাৱ কেৱল পশু বধতে সীমাবদ্ধ হৈ থকা উচিত নহয়। আত্মত্যাগৰ এই মহান বাৰ্তা আমি আমাৰ জীৱনত কাৰ্যকৰী কৰা উচিত। আমি কোৰবানীৰ জৰিয়তে ধৰ্মপৰায়ণতা পালন কৰোঁ, আল্লাহৰ প্ৰতি প্ৰেম আৰু আনুগত্য বৃদ্ধি কৰোঁ, আৰু দুখীয়া আৰু অসহায় মানুহৰ কাষত থিয় দিওঁ – এইটোৱেই আমাৰ কোৰবানীৰ মূল লক্ষ্য হ’ব লাগে। আহক আমি ঈদ-উল-আজহাৰ সত্য শিক্ষা গ্ৰহণ কৰি আমাৰ জীৱনত পূৰ্ণতা লাভ কৰোঁ আৰু সৰ্বশক্তিমান আল্লাহৰ সন্তুষ্টি লাভৰ পথ প্ৰশস্ত কৰোঁ। আমাৰ উপাসনাত আনক অশান্তি নিদিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ হওঁ। আমাৰ সকলো ভাল কাম আল্লাহে গ্ৰহণ কৰক।

উল্লেখযোগ্য যে এই ঈদক ঈদ-উল-আজহা, যাক বকৰিদ বা ‘ত্যাগৰ  উৎসৱ’ বুলিও কোৱা হয়।বিশ্বজুৰি ইছলাম ধৰ্মী সকলে পালন কৰা অন্যতম গুৰুত্বপূৰ্ণ  উৎসৱ। এই উৎসৱত হজৰত ইব্ৰাহিম (ছঃ)ৰ আল্লাহৰ প্ৰতি অটল ভক্তিক স্মৰণ কৰা হয়, যিটো তেওঁৰ আজ্ঞা পালনৰ বাবে পুত্ৰক বলিদান দিবলৈ ইচ্ছাৰ  বহিঃপ্ৰকাশ। তেওঁৰ ঈমান বা সততাক স্বীকৃতি স্বৰূপে আল্লাহে ইয়াৰ পৰিৱৰ্তে এটা ভেড়া বা দূম্বাক কোৰবানী দিয়ে । প্ৰতি বছৰে বিশ্বৰ ৪০/৫০ লাখ ইছলাম ধৰ্মী মানুহে আজিও মক্কা মদিনা গৈ মিলিত হৈ হজ্ব সমাপন কৰি সন্মানীয় হাজী উপাধি লৈ আহে। অসমত থকা জাতি ধৰ্ম ভাষা বৰ্ণ দল সম্প্ৰদায় নিৰ্বিশেষৰ মাজত সম্প্ৰীতি সমন্বয় গঢ়ি উঠিলেহে ঈদৰ প্ৰাসংগিকতা থাকিবলৈ। হিংসা বিদ্বেষ পৰিহাৰ কৰি এখন সুষ্ঠ সমাজ গঢ়ি তোলাৰ দায়িত্ব আমাৰ সকলোৰে। কিছুমান সাম্প্ৰদায়িক মনোভাৱৰ লোকে ৰাজনৈতিক সুবিধা লাভৰ বাবে  সংঘৰ্ষৰ সৃষ্টি আৰু সম্প্ৰীতি বিনষ্ট কৰাত সক্ৰিয় হৈ পৰে। আমাৰ বিশ্বাস শংকৰ আজানৰ দেশত এনেধৰণৰ হিংসা বিদ্বেষ যাতে নেথাকে ইয়াক পৰিহাৰ কৰি এখন সুষ্ঠ সমাজ  সকলোৱে গঢ়ি তুলিবলৈ যত্নপৰ হওঁ আহক। এখন শান্তি সম্প্ৰীতিৰ অসম গঢ়ি তোলাৰ দায়িত্ব আমাৰ সকলোৰে। শান্তিৰ কপৌহাল আকৌ উৰি থাকক।