ঈদত ধুবুৰীত নিষিদ্ধ গৰুৰ কুৰ্বানিঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ঈদৰ সময়ছোৱাত গো-মাংসক কেন্দ্ৰ কৰি ধুবুৰীত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত পুনৰ সীমান্তবর্তী জিলাখনত উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। হনুমান মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলাই থৈ যোৱা ঘটনাক লৈ সৃষ্টি হোৱা পৰিস্থিতি স্বাভাৱিক হৈছে যদিও একাংশ দুষ্কৃতিকাৰীয়ে এতিয়াও পৰিৱেশ বিনষ্ট কৰাৰ প্ৰচেষ্টা চলাই আছে। মুখ্যতঃ এই বিষয়টোক আগত লৈয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ স্পষ্ট ঘোষণা-অহা বৰ্ষৰ ঈদত ধুবুৰীত নিষিদ্ধ গৰুৰ কুৰ্বানি। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়- ধুবুৰী চহৰৰ বহু হোটেলত এতিয়াও গৰু মাংস বিক্রী হৈ আছে। কিন্তু আইনমতে এইদৰে গো-মাংস বিক্ৰী কৰাটো নিষিদ্ধ। ধুবুৰীত গুৰুদ্বাৰ আছে, ৫ কিলোমিটাৰ ভিতৰত মন্দিৰ আছে। গতিকে ৫ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত গৰু মাংস খাব নোৱাৰে। চৰকাৰে বিচাৰে দোকানীসকলে নিজেই গৰু মাংস বিক্ৰী কৰাটো বন্ধ কৰক। নহ’লে আৰক্ষীয়ে তেওঁলোকৰ ওচৰলৈ যাব। সেয়েহে ৰাইজে সহযোগিতা কৰিলে আৰক্ষী বা মুখ্যমন্ত্রী এনেদৰে আহি থকাৰ প্ৰয়োজন নাই। ৰাইজে আইন-শৃংখলা মানি চলিব লাগিব। ভৱিষ্যতে ধুবুৰী চহৰত গৰু কুৰ্বানিতো বন্ধ হ’বই, ৫ কিলোমিটাৰ ব্যাসার্ধত গৰু মাংস খাবও নোৱাৰিব। এয়া বিধানসভাৰ আইন, মুখ্যমন্ত্ৰীৰ আইন নহয়। কিন্তু এই আইন ভংগ কৰি ধুবুৰীত ঈদত এইবাৰ ১,৪৬০টা গৰু টাউনলৈ অনা হৈছে। ভেটেনেৰী বিভাগৰ বিৰুদ্ধে এই বিষয়টোক লৈ তদন্ত হ’ব। মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ড° শৰ্মাই পুনৰ কয়- ধুবুৰীৰ গুৰুদ্বাৰ বহু পুৰণি। গতিকে ৫ কিলোমিটাৰ ব্যাসার্ধত এইবোৰ নচলিব। ৫ কিলোমিটাৰৰ বাহিৰত গো-মাংস খোৱাত আপত্তি নাই। একেদৰে গৰু কুৰ্বানি দিব বিচাৰিলেও ৫ কিলোমিটাৰৰ বাহিৰত দিব পাৰিব। কিন্তু ছাগলী কুৰ্বানি দিব বিচাৰিলে ইয়াতে দিব পাৰিব। এই নিয়মবোৰ ধুবুৰীত আগতে মনা হোৱা নাছিল। অহাবাৰ ঈদত মই ধুবুৰীতে থাকিম। মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা- কোনো ইছলাম ধর্মত লিখা হোৱা নাই যে কুর্বানি গৰুহে দিব লাগিব। গতিকে যিসকল প্রকৃত ইছলামধর্মী লোক, তেওঁলোকে হিন্দুৰ ঠাইত কেতিয়াও গৰু কুৰ্বানি নিদিয়ে। সেইকাৰণে আমাৰ প্ৰয়োজন প্রকৃত হিন্দু আৰু প্রকৃত মুছলমান। এনেধৰণৰ খেলিমেলি কৰা লোক হিন্দুৰ মাজতো আছে মুছলমানৰ মাজতো আছে। দুয়োটা পক্ষৰ মাজতে এনেধৰণৰ লোক আছে। মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- গো-মাংস বিক্ৰীৰ এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। নহ’লে কোনোৱে আকৌ গাহৰি মাংস পেলাই থৈ যাব। এই লোকসকলে বুজি পোৱা উচিত যে এবিধ মাংস যদি হিন্দুৱে বেয়া পায় আনবিধ মাংস মুছলমানে বেয়া পায়। গৰু মাংস যদি নামঘৰ-মন্দিৰৰ সন্মুখ পায়, কোনোবা দিনা আকৌ মছজিদৰ সন্মুখত গাহৰি মাংস পেলাই থৈ যাব। চৰকাৰে এনেধৰণৰ পৰিৱেশ বিচৰা নাই। গতিকে এই সকলো ব্যৱসায় বন্ধ কৰা হ’ব। ইফালে, মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ড° শৰ্মাই স্পষ্ট কৰে যে গো-মাংস পেলোৱা দুষ্ককৃতিকাৰীৰ ক্লু ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে। এই ঘটনাৰ লগত যি লোক জড়িত হৈ আছে আৰক্ষীয়ে অচিৰেই তেওঁক গ্ৰেপ্তাৰ কৰিব। একেদৰে হনুমান মন্দিৰৰ সন্মুখত গৰুৰ মূৰ থোৱাৰ লগত মিন্টু আলী নামৰ যিজন লোক জড়িত তেওঁক অচিৰেই গ্ৰেপ্তাৰ কৰা হ’ব। তেওঁৰ ম’বাইলো আৰক্ষীয়ে জব্দ কৰিছে। আমি আশা কৰিম যাতে অতি সোনকালে মিন্টু আলীয়ে আত্মসমর্পণ কৰে। তেওঁ পলাই থকাতকৈ আত্মসমর্পণ কৰক। এই ঘটনাৰ লগত জড়িত ১৫০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দি মুখ্যমন্ত্রীয়ে কয়- ইয়াৰে ১১জন লোক ধুবুৰী কাণ্ডৰ লগত জড়িত নহয়। আন জিলাত সংঘটিত অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, গ্ৰেপ্তাৰ হোৱা বহুতৰ বিৰুদ্ধে জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি কৰা আছে। মুখ্যমন্ত্রীয়ে নবীন বাংলা নামৰ সন্ত্রাসবাদী গোটৰ সদস্যকো চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দি কয় যে নবীন বাংলাৰ প্ৰথমটো দেৱাল লিখনিৰ ওপৰত তদন্ত চলাই থকা হৈছে। তাত কোড আছে, সেইটো বেলেগৰ লগত মিলে নেকি সেই বিষয়ো আইবিক চাবলৈ দিয়া হৈছে। ইয়াৰ লগত কেৰালা অথবা ঢাকাৰ কোনো মৌলবাদী সংগঠন জড়িত আছে নেকি সেয়াও পৰীক্ষা কৰি থকা হৈছে। আনহাতে নামনি অসমত আল-কায়দাৰ দৰে ৬-৭টা মৌলবাদী সংগঠন সক্রিয় হৈ আছে বুলিও তেওঁ উল্লেখ কৰে। ইফালে ধুবুৰীৰ ঘটনাক কেন্দ্ৰ কৰি একাংশই বিশেষকৈ বিৰোধীয়ে মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিষয়টো সন্দর্ভত মুখ্যমন্ত্ৰী ড° শর্মাই কয়- ৰাইজৰ বাবে কাম কৰি আছোঁ আৰু কাম কৰি যাম। যোৱা ২৫ বছৰ ৰাজনীতি কৰি আছোঁ, কোনো লোকে মোক গালি পৰা নাই। যিসকল লোকক উচ্ছেদ কৰিছোঁ তেওঁলোকেও মোৰ লগত আহি ফটো উঠিছে। তেওঁলোকে জানে যে মোৰ মনটো চিধা, বেয়া চিন্তা নাই। মোৰ বেয়া দিন আহিব বুলি বহু লোকে ভগৱানক প্ৰাৰ্থনা কৰে। সমান্তৰালভাৱে মোৰ ভাল দিনৰ বাবেও বহুতে প্রার্থনা কৰে। ভাল দিনৰ বাবে কৰা প্ৰাৰ্থনাৰ শক্তি বেছি। উল্লেখ্য যে ধুবুৰী চহৰৰ আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে চহৰখনত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° শৰ্মাই ধুবুৰী আৱৰ্ত ভৱনত শীর্ষ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকতে চহৰখনৰ শেহতীয়া পৰিৱেশ তথা আইন-শৃংখলা অক্ষুণ্ণ ৰখাকে ধৰি বিভিন্ন দিশ পর্যালোচনা কৰে। মন কৰিবলগীয়া যে ধুবুৰী চহৰৰ ৩নং বাৰ্ডৰ হনুম হনুমান মন্দিৰ চৌহদৰ ভিতৰত নিষিদ্ধ মাংস উদ্ধাৰ হোৱা ঘটনাৰ পৰৱৰ্তী পৰ্যায়ত চহৰখনত সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতিৰ পিছত যোৱা ১৩ জুনত মুখ্যমন্ত্ৰীয়ে ধুবুৰী চহৰ পৰিদৰ্শন কৰি আইন-শৃংখলা পৰিস্থিতিৰ পর্যালোচনা কৰিছিল। এই পর্যালোচনা বৈঠকত মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্রধান, অসম আৰক্ষীৰ মহাপৰিদৰ্শক (আইন-শৃংখলা), ধুবুৰী জিলা আযুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে অঞ্চলটোৰ শেহতীয়া পৰিস্থিতিৰ বিতং পর্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ধুবুৰী চহৰৰ সমীপত এটা সেনাবাহিনীৰ স্থায়ী শিবিৰ স্থাপনৰ পৰিকল্পনাৰ কথাও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।