‘ই-খাজনা সেৱা’ৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মোহনে
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজহ আৰু দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ উদ্যোগত আৰু ভূমিলেখ্য ও জৰীপ সঞ্চালকালয়ৰ সহযোগত অসম সচিবালয়ৰ চি.এম ব্লকৰ সভাগৃহত অনুষ্ঠিত এক সভাত অসমৰ মৌজাদাৰী এলেকাসমূহত অনলাইন যোগে ভূমি ৰাজহ আদায়ৰ বাবে ই-খাজনা সেৱা’ৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মোহনে। তেখেতে কয় যে এই পদক্ষেপ নাগৰিককেন্দ্ৰীক এক গুৰুত্বপূর্ণ পদক্ষেপ। ইয়াৰ জৰিয়তে জনসাধাৰণে মৌজাদাৰ কাৰ্যালয় আদিলৈ নগৈ সহজে ই- সেৱাৰ মাধ্যমেৰে খাজনা জমা কৰিব পাৰিব। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১৪ নৱেম্বৰ তাৰিখে বসুন্ধৰা-০২’ৰ লগত সংগতি ৰাখি অসমৰ তহচিলদাৰী এলেকাসমূহত ই-খাজনা সেৱাৰ আৰম্ভণি কৰা হৈছিল আৰু আজিৰ পৰা অৰ্থাৎ ১ এপ্ৰিলৰ পৰা অসমৰ মৌজাদাৰী এলেকাসমূহতো এই সেৱা প্ৰসাৰিত কৰা হয়। এই ই-খাজনা সেবা ৰূপায়ণৰ কাৰিকৰী ব্যৱস্থাপনা কৰিছে ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান কেন্দ্র (NIC)ই। এই সভাত অসম চৰকাৰৰ ভূমি সংরক্ষণ বিভাগৰ মন্ত্ৰী উত্থাও গৌৰা ব্ৰহ্ম, ৰাজহ আৰু দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেব ত্রিপাঠী, ৰাজ্যিক তথ্য সূচনা আয়োগৰ সূচনা বিষয়া কবিতা ৰয় দাস প্ৰমুখ্যে বাজহ বিভাগৰ উচ্চ বর্গৰ বিষয়া-কৰ্মচাৰীৰ লগতে দূৰ সংযোগ মাধ্যমেৰে অসমৰ জিলা উপায়ুক্তসকল, জিলা প্ৰশাসনৰ কৰ্মচাৰী, মৌজাদাৰসকল উপস্থিত থাকে।