ইৰ্শা- পাৰুল বৈশ্য

 

সূৰ্যৰ আন এটি নাম সৱিতা। যি সূৰ্যই পৃথিৱীক পোহৰ ঢালি দি চাৰিওঁফালে সজীৱতাৰ বন্যা বোৱাই দিয়ে সেই বিশাল অৰ্থযুক্ত নামৰ ছোৱালী সৱিতাই কেনেদৰে তাইৰ বান্ধৱী বৰষাৰ কলেজীয়া জীৱনত এদিন অমানিশা নমাই আনিবলৈ চেষ্টা কৰিছিল তাৰেই এটি আভাস দিব ওলাইছোঁ বৰষা আৰু সৱিতা দুয়োজনীয়ে সোণতলা গাওঁৰ শিক্ষিতো ছোৱালী দুয়োজনীয়ে যদিওঁ বান্ধৱীৰ নিচিনা থাকে, কিন্তু সৱিতা হ’লপানীৰ তলৰ কাইট। সৱিতা হিংসাকূৰীয়া, আনৰ ভাল দেখিব নোৱাৰা ছোৱালী বুলি বৰষাই বহুতবাৰ প্ৰমাণপাইছে যদিও ওচৰৰ ছোৱালী তথা অখন কলেজৰ সহপাঠী কৰণে মিলি থাকিবলৈ চেষ্টা কৰে। ডিচেম্বৰ মাহৰ এদিনাখন ক্লাচ শেষ হোৱা পিছত , হথাতে কলেজৰ অধ্যক্ষই ছাত্ৰ একতা সভাৰ মিটিংএখন , ৫ বজাত হ’ব বুলি কৈ সকলোকে উপস্থিতি থাকিবলৈ ক’লে । তেতিয়া বৰষাই ভাবিলে, মিটিংখনটো শেষ হওঁতে দেৰি হ’ব। গতিকে ঘৰত খৱৰটো কেনেদৰে দিয়া যায়। তাইৰ হঠাত সৱিতাৰ কথা মনত পৰিল, কাৰণ সেই সময়ত মোবাইল অৰ্থা ফোনৰ ব্যৱস্থা নাছিল। বৰষাই বাছষ্টেণ্ডলৈ বেগা বেগিকৈ গ’ল। সৱিতাই বাছৰ কাৰণে বাছষ্টেণ্ডত ৰৈ আছিল।বৰষাই সৱিতাক কথা খিনি বুজাই দিলে আৰু ক’লে“তুমি গৈ মা- দেউতাক কবা মোৰ ঘৰ গৈ পাওঁতে অলপ দেৰি হ’ব। কাৰণ ছাত্ৰ একতা সভাৰ মিটিং আছে’ তুমি , যেনে তেনে কবা। আজি আমাৰ ঘৰত”সত্য নাৰায়ণপূজা” ও আছে। গতিকে তুমি নাপাহৰিৱা।” সৱিতাৰ দ্বাৰা খৱৰ দিব পাৰিহে বৰষাৰ মনটো ভাল লাগিল। তাই ভাবিলে আজি খড়াহতঁৰ ন- খোৱাও আছে। পথাৰৰ ধান চপোৱাৰ পিছত গৃহস্থই ন-খোৱা পাতি নতুন ধানৰ চাউলেৰে সকলোৰে লগত মিলি এসাজ খাই। তাইৰ মনলৈ আহিল আজিহে মিটিং খন কিয় পাতিলে। কিন্তু হিংসুক সৱিতা ইছকৃত ভাৱে বৰষাৰ ঘৰত খৱৰটো নিদিলে। ইফালে দিন চুটি সোনকালে আন্ধাৰ হয়। যিমানেই দেৰি হৈছে বৰষাৰ মাক- দেউতাকে চিন্তাত বিবোৰ হৈ আছে। কিয় ছোৱালীজনী ঘৰ অহা নাই, বহুত নাভাবিক কথাও মনলৈ আহি তেওঁলোকৰ হৃদয় কপাঁই দিলে। আনহাতে বামুন আহি “সত্য নাৰায়ণপূজাৰ” জা- জোগাৰ কৰি আছে বৰষাৰ ঘৰখনত হাহাকাৰ লাগিল । পূজা খাবলৈ অহা মানুহবোৰেওঁ গমপালে যে বৰষা এতিয়াও কলেজৰ পৰা ঘূৰি অহা নাই। গাওঁৰ কিছুমান মানুহে আকৌ তিলটোকে তাল কৰি মনে সজা বহুকথা কবলৈ ধৰিলে। কোনোবা ”লৰাৰ লগত বৰষা পলাই যোৱা বুলি গাওঁ খনত ঢৌ উঠি গ’ল। পলাই নগলে এই আঠ বজালৈ কোনখন কলেজ খোলা থাকে বুলি সকলোৰে মুখত বু- বা চলিবলৈ ধৰিলে । বিভিন্ননজনৰ কথাই বৰষা মাক- দেউতাকৰ থহ-থহকৈ বিন্ধিবলৈ ধৰিলে। সবিতাৰ ১১ মানুহো পূজালৈ আহিছে, তথাপি সৱিতাই কৈ পঠোৱা নাই। পূজাত বহিবলৈ ধূতি গেঞ্জী দিঙিত গামোচা লৈওঁপূজাত শান্তিমতে, বহিবপৰা নাছিল বৰষাৰ দেউতাকে । কি কৰো কি নকৰো দেউাতকৰ বুকু ক’পি গ’ল। গাওঁৰ সকলো গমপাই গ’ল যে বৰষা কলেজৰ পৰা ঘৰত উভতি অহা নাই। কোনোৱা ল’ৰাৰ লগত পলাই যোৱা বুলি সন্দেহ কৰিলে। কিয় তাই তেনেকুৱা কৰিলে। ইমান চোকা ছোৱালী আছিল। তাইৰ ভৱিষ্যত ভাল হ’লেই । নানাজনৰ নানাকথা। আনফালে খূড়াক হ’তৰ ঘৰত ন- খোৱা খাবলৈ অহা মানুহবোৰেওঁ মিছা কথাটোকে সচাঁ বুলি ধৰি ললে। দেউতাকে পূজাৰী জনক পূজাটো আগবঢ়াব দি পূজাৰ সাজ জোৰৰে সৈতে স্কুটাৰখনেৰে কলেজৰ গেটলৈ গ’ল । কলেজৰ গেট দেউতাকে দেখা পালে- বৰষাৰ লগত বহুকেইজন ছাত্ৰ ছাত্ৰী বেগা – বেগিকৈ ওলাই আহিছে। বৰষাই দেউতাকক দেখি সুধিলৈ- ” দেউতা তুমি কিয় নিব আহিলা· “ মই গ’লো হৈ নহয়’। দেউতাকে অলপ খং সুৰত “স্কুটাৰত উঠা ” বুলি ক’লে। তাই আচৰিত হৈ গ’ল। গোটাই ৰাষ্টাত দেউতাকে একো কথা নাপাতিলে । ঘৰ আহি পায় দেউতাকে সুধিলে, তই এনকুৱা কাম কিয় কৰিলি। বৰষাই তপৰাই উত্তৰ দিলে “মই কি কৰিলো”· তই কি কৰিলি, এই বুলি দেউতাকে খঙতে তাইৰ গালত এক চৰ মাৰিলে। তাই হতবাক হৈ গ’ল। এনেতে মাক ভিতৰলৈ সোমাই আহিল। মাকক হাত জোৰ কৰি তাই ক’লে “ মা এইবোৰ কি হৈছে মোক কোৱা”। মাকে তেতিয়া সকলো কথা ক’লে । বৰষা আচৰিত হ’ল – কি ঘৰত সৱিতাই একো খৱৰ দিয়া নাই। মই এইমাত্ৰ সৱিতাক মাতি আনিম”। মাকে তেতিয়া ক’লে মই তাইৰ ঘৰত গৈছিলো, তোক লগ পাইছে নেকি শুধিবলৈ। কিন্তু তাইৰ মাকে ক’লে তাই হেনো কলেজৰ পৰা আহিয়ে মাহীয়েকৰ ঘৰলৈ দুদিন থকাকৈ গৈছে। বৰষাৰ বুজিবলৈ বাকী নাথাকিল । তাইৰ নিজৰ ওপৰতে ধিক্কাৰ লাগিল। তাই ইমান হিংসুক ছোৱালী বুলি জানিওঁ মই তাইৰ লগত সম্পৰ্ক ৰাখিছিলোঁ। বৰষাৰ কথা শুন মাক- দেউতাক তাইক বুজি পালে। কিন্তু গাওঁবাসীয়েবৰষাৰ বদনাম বেয়াকৈ উলিয়াই দিলে । তাই হেনো কোনোবা ল’ৰাৰ লগত পলাই গৈছিল, দেউতাকে তাইক বিচাৰি লৈ আহিলে। পূজাৰ পিছত ন -খোৱা খাবলৈ খূড়াকৰ ঘৰত যাওঁতে তাই লক্ষ্য কৰিলে তাইৰ ফালে যেন মানুহবোৰে সন্দেহৰ চকুৰে চাবলৈ ধৰিছে, ফুচ ফুচাই সকলোৱে কিবি কৈ থকা তাই শুনিবলৈ পালে। কিন্তু তাই ভাবিলে “মোৰ দোষ ক’ত·” পিছদিনা খন কলেজলৈ যাওঁতে সকলোৱে তাইক শুধে -“তই বোলে কালি কোনোবা ল’ৰাৰ লগতগুচি গৈছিলি।”কিমানক তাই কথা খিনি বুজই দিব। তাইৰ মনটো বহুত দুখ লাগিল । উপায় নাপাইনেদেখা জনকে শুধিছে “ হে প্ৰভূ মোক এইবোৰ কি দেখুৱাইছা। “য’ত মই অলপো ভূল কৰা নাই। কোনেওঁ সত্যতো জানিব নোখোজে যাৰ ফলত তাইৰ বদনাম চাৰিওঁফালে বিয়পি গ’ল সৱিতা …। বৰষাই জানো কেতিয়াৱা সৱিতাক ক্ষমা কৰিব পাৰিব······………