ইৰানৰ অস্থায়ী সর্বোচ্চ নেতা হিচাপে আয়াতুল্লা আলীৰেজা আৰাফিক দায়িত্ব অৰ্পণ
ৰঙিলী বাৰ্ত্তাসেৱা- ইৰানৰ সর্বোচ্চ নেতা খামেনেইৰ মৃত্যুৰ পিছত অস্থায়ী উত্তৰসূৰী হিচাপে তেওঁৰ ঘনিষ্ঠ আয়াতুল্লা আলীৰেজা আৰাফিৰ হাতত গধুৰ দায়িত্ব অর্পণ কৰিলে তেহৰানে । ১৯৫৯ চনত ইয়াজদ প্রদেশত জন্ম গ্ৰহণ কৰা আৰাফি এটা অতি সাধাৰণ পৰিয়ালৰ পৰা আহি ইৰানৰ ধৰ্মতত্ত্ব আৰু আমোলাতান্ত্রিক প্রতিষ্ঠানত দশক দশক ধৰি বিভিন্ন দায়িত্বত কার্যনির্বাহ কৰে। তেওঁ কুমত বিভিন্ন ধর্মীয় পণ্ডিতৰ অধীনত অধ্যয়ন কৰি মোস্তাহিদৰ পদবী লাভ কৰে। যাৰ ফলত তেওঁ স্বতন্ত্র ইছলামিক আইনী ৰায়দানৰ যোগ্যতা অর্জন কৰে। ইৰান আৰু বিদেশৰ ধৰ্মগুৰুসকলক প্ৰশিক্ষণ দিয়াৰ প্ৰধান কেন্দ্ৰ আল মুস্তাফা আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰাফিয়ে ২০১৯ চনত আইন আৰু নির্বাচনী প্রার্থীৰ পৰীক্ষণ কৰা শক্তিশালী গাডিয়ান কাউন্সিলত যোগদান কৰে। ইৰানৰ সংবিধান অনুসৰি সৰ্বোচ্চ নেতাজন ধর্মীয় পণ্ডিতৰ নিৰ্বাচিত সংস্থা বিশেষজ্ঞ বিধানসভাই নির্বাচিত কৰা জ্যেষ্ঠ চিয়া ধর্মগুৰু হ’ব লাগিব। খামেনেইৰ মৃত্যুৰ পিছত এই সভাই স্থায়ী উত্তৰাধিকাৰী বাছনি নকৰালৈকে অত্যাৱশ্যকীয় কাম-কাজ চলাই যাবলৈ অন্তর্বর্তীকালীন নেতৃত্ব পৰিষদ গঠন কৰে। গাডিয়ান কাউন্সিল আৰু বিধানসভা পদবীত অধিষ্ঠিত হৈ থকাৰ সূত্রেই আৰাফিক অস্থায়ী সর্বোচ্চ নেতা হিচাপে বাছনি কৰে। সংবাদ প্রতিষ্ঠানৰ খবৰ মতে ইমানদিন তেওঁ ইৰানৰ এছেম্বলী অৱ এক্সপার্টছৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল। লগতে ইৰানৰ শিক্ষা ব্যৱস্থাৰ মুৰব্বী হিচাপে দায়িত্ব চম্ভালিছিল আয়াতুল্লা আৰাফিয়ে।
