ইৰানত ৫০খনতকৈ অধিক যুঁজাৰু বিমানেৰে আক্রমণ ইজৰাইলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ইজৰাইল আৰু ইৰানৰ সামৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাত মধ্যপ্রাচ্যত সৃষ্টি হোৱা পৰিস্থিতিয়ে তৃতীয় বিশ্বযুদ্ধৰ শংকা বৃদ্ধি কৰিছে। ইজৰাইলৰ ওপৰত আক্ৰমণ চলাই থকা ইৰানক চৰ্তবিহীন আত্মসমর্পণ কৰিবলৈ মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে নির্দেশ দিয়াৰ পাছতে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খোমেইনিয়ে আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা কৰিছে। সর্বোচ্চ নেতা খোমেইনিয়ে পূর্ণাংগ যুদ্ধৰ বাবে সামৰিক বাহিনীক ক্ষমতা প্রদান কৰিছে। ইহুদী ৰাষ্ট্ৰ ইজৰাইলক ধ্বংস কৰাৰ হুংকাৰ দি শীর্ষ নেতা খোমেইনিয়ে ইজৰাইলৰ বিৰুদ্ধে পূর্ণাংগ শক্তি প্রয়োগৰ নির্দেশ দিছে। ইপিনে ইজৰাইলক সহায় কৰিলে আমেৰিকাকো ৰেহাই নিদিয়াৰ হুংকাৰ দিছে ইৰানে। উল্লেখ্য যে ইৰান আৰু ইজৰাইলৰ মাজত যুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইৰানক বিনাচর্তে আত্মসমর্পণ কৰিবলৈ নিৰ্দেশ দিয়াই নহয়, প্রয়োজনসাপেক্ষে ইজৰাইলৰ সপক্ষত ইৰানৰ ওপৰত মার্কিন সেনাই আক্ৰমণ কৰিব বুলি হুংকাৰ দিছে। ইতিমধ্যে মার্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে হোৱাইট হাউছত নিৰাপত্তা বিষয়াৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ ইৰানৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা চলাইছে। তেহৰানৰ পৰা সকলো নাগৰিকক চহৰ এৰি যাবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰপতি ট্রাম্পে। ইপিনে ইৰানে প্ৰথমবাৰৰ বাবে ফাটাহ ক্ষেপণাস্ত্র প্রয়োগ কৰিছে ইজৰাইলৰ ওপৰত। ইজৰাইলৰ কেইবাখনো চহৰত এই ক্ষেপণাস্ত্র প্রয়োগ কৰি বিস্তৰ ক্ষতিসাধন কৰা বুলি ইৰানী সেনাই দাবী কৰিছে যদিও ইজৰাইলী সেনাই মাজ আকাশতে এই ক্ষেপণাস্ত্র প্রতিহত কৰা বুলি দাবী জনাইছে। এনেদৰে ইজৰাইলে আজি ইৰানৰ ৰাজধানী তেহৰানকে ধৰি বিভিন্ন প্রান্তত সামৰিক ঘাটিত ভয়াৱহ আক্রমণ চলাইছে। ৫০খনতকৈ অধিক যুঁজাৰু বিমানেৰে ইজৰাইলী সেনাই আক্রমণ চলাইছে। তেহৰানৰ ভূগৰ্ভস্থিত সামৰিক ঘাটি তথা পাৰমাণৱিক ভাণ্ডাৰত ইজৰাইলী সেনাই বিধ্বংসী আক্রমণ চলোৱাত ইৰানী সেনাৰ শীৰ্ষ বিষয়া পলাই-পত্রং দিয়া বুলি প্রকাশ কৰিছে। ইজৰাইলী সেনাৰ আক্ৰমণত ইতিমধ্যে ইৰানত ৫৮৫জন লোকৰ মৃত্যু ঘটাৰ লগতে ১,৩২৬জন আহত হৈছে। মানৱ অধিকাৰ কৰ্মীয়ে প্ৰকাশ কৰা মতে, ইজৰাইলৰ আক্ৰমণত নিহত হোৱা ৫৮৫জনৰ ভিতৰত ২৩৯জন সাধাৰণ নাগৰিক আছে। ১২৬জন নিৰাপত্তা বাহিনীৰ জোৱান আছে। ইজৰাইলৰ আক্ৰমণত তেহৰানত ধ্বংসলীলা চলি থকাত চহৰখনৰ পৰা নাগৰিকসকলে অন্য ঠাইলৈ স্থানান্তৰিত হৈছে। ইৰান আৰু ইজৰাইলৰ যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰৱেশ কৰিলেই আৰব বিশ্বৰ দেশসমূহে ইৰানৰ পক্ষত থিয় দিয়াটো প্রায় নিশ্চিত। এনে হ’লে তৃতীয় বিশ্বযুদ্ধ হোৱাটোও নুই কৰিব নোৱাৰি।