ইৰানত ভয়ংকৰ মিছাইল আক্ৰমণ ইজৰাইল-আমেৰিকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ইৰান আৰু ইজৰাইল- আমেৰিকাৰ মাজত দীৰ্ঘদিনীয়া সংঘাত যুদ্ধলৈ পৰ্যবসিত হৈছে।পাৰমাণৱিক গৱেষণা তথা অস্ত্ৰ নিৰ্মাণৰ স্থিতিত অটল থকা ইৰানৰ ওপৰত ক্ষেপণাস্ত্ৰৰে ভয়ংকৰ আক্ৰমণ চলায় ইজৰাইলে। ইৰানৰ ৰাজধানী তেহৰানকে ধৰি অন্যতম গুৰুত্বপূৰ্ণ চহৰ ইছফাহান-কুম-কাৰাজ-কেৰমামশ্বাহ চহৰত ইজৰাইলে বৃহৎ আক্রমণ চলোৱাৰ পিছতে মধ্যপ্রাচ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যুদ্ধই। ইজৰাইলক পূর্ণ সহযোগ কৰে মিত্ৰ আমেৰিকাই। মিত্র বাহিনীয়ে ইৰানৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ নামকৰণ কৰিছে ‘সিংহ গর্জন’ (লায়ন্স ৰোৰ)। প্রত্যুত্তৰৰ আপ্রাণ চেষ্টা অব্যাহত ৰাখিছে ইৰানেও। এই আক্ৰমণত প্রধানতঃ ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেই আৰু ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানক লক্ষ্য কৰি লোৱা হৈছে। শনিবাৰে পুৱাতে হঠাতে তেহৰানত কেইবাটাও বিস্ফোৰণ সংঘটিত হয়। সৰ্বসাধাৰণক আতংকিত কৰি তোলা এই বিস্ফোৰণৰ কিছু সময়ৰ পাছতেই ইৰানৰ ওপৰত আক্ৰমণ চলোৱা বুলি দাবী কৰে ইজৰাইলে। অনুৰূপ দাবী মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰো। পেন্টাগনৰ তৰফৰ পৰা স্পষ্টভাৱে কোৱা হয় যে ইৰানৰ বিৰুদ্ধে চলোৱা আক্ৰমণত ইজৰাইলক আমেৰিকাই সম্পূৰ্ণৰূপে সহযোগ কৰিছে। এক ভিডিঅ’ বাৰ্তাত আক্ৰমণ চলোৱাৰ কথা নিশ্চিত কৰি মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে ইৰানৰ বৰ্তমানৰ শাসকগোষ্ঠীক বিতাড়িত কৰি জনগণক সুৰক্ষিত কৰাটোৱেই আমাৰ কাম। আমি ইৰানৰ ক্ষেপণাস্ত্র ধ্বংস কৰিবলৈ ওলাইছোঁ। তেওঁলোকৰ ক্ষেপণাস্ত্ৰ ভাণ্ডাৰক মাটিত মিলাই দিয়া হ’ব। ধ্বংস কৰিম ইৰানৰ নৌবাহিনী। ইৰানে আত্মসমর্পণ কৰক, অন্যথা মৃত্যু নিশ্চিত। এখন বিদ্রোহী ৰাষ্ট্ৰৰ হাতত কোনো কাৰণতে পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে। মধ্যপ্রাচ্যৰ দেশখনৰ সৰ্বসাধাৰণৰ প্ৰতি তেওঁৰ স্পষ্ট বার্তা- আপোনালোকৰ স্বাধীনতাৰ সময় আহি গৈছে। লক্ষণীয়ভাৱে তেহৰানৰ যি স্থানত মিত্র বাহিনীয়ে আক্রমণ চলাইছিল, তাৰ কিছু দূৰতেই অৱস্থিত ইৰানৰ সৰ্বোচ্চ নেতা খামেনেইৰ কাৰ্যালয়। ইয়াৰ পৰাই ইৰানৰ সর্বোচ্চ নেতাজনৰ লগতে ৰাষ্ট্ৰপতি পেজেস্কিয়ানক লক্ষ্য কৰি ইজৰাইল-আমেৰিকাই আক্রমণ চলোৱাটো স্পষ্ট হৈছে। ইফালে ইজৰাইল-আমেৰিকাৰ আক্ৰমণৰ কিছু সময়ৰ ভিতৰতে প্রত্যাক্রমণ কৰে ইৰানে। তাৎক্ষণিকভাবে ৰাজধানী তেল আভিভকে ধৰি ইজৰাইলৰ বিভিন্ন স্থানক লক্ষ্য কৰি নিক্ষেপ কৰা হয় ড্রোন-ক্ষেপণাস্ত্র। ইৰানী ৰিভলিউচনাৰী গার্ডে অকল ইজৰাইলতে ক্ষান্ত নাথাকি সংযুক্ত আৰব আমিৰশ্বাহী, কুৱেইট, কাটাৰ আৰু বাহৰেইনস্থিত মার্কিন সেনা-নৌসেনাৰ ঘাটিত প্রত্যাঘাত আনে। এই আক্রমণ-প্রত্যাক্রমণে সম্প্রতি সমগ্র পশ্চিম এছিয়াতে সামৰিক উত্তেজনা-তীব্র আতংকৰ সৃষ্টি কৰিছে। পশ্চিম এছিয়াৰ বিভিন্ন দেশত আমেৰিকাৰ সেনা ছাউনী আছে। ইৰানৰ সংবাদ সংস্থা ফাৰছৰ বাতৰি অনুসৰি সেই আমেৰিকাৰ সেনা ঘাটিসমূহকে লক্ষ্য কৰি প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে ইৰানে। ডুবাই, কাটাৰৰ ৰাজধানী ডোহাকে ধৰি বিভিন্ন স্থানত বিস্ফোৰণ সংঘটিত হৈছে। ইৰানী ৰিভলিউচনাৰী গাৰ্ডৰ তৰফৰ পৰা কোৱা হৈছে যে ইজৰাইলক আমি সমুচিত উত্তৰ দিছোঁ। ৰাজধানী তেল আভিভত ড্রোন-ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱা হৈছে। ইজৰাইলে যদি ইৰানত আক্ৰমণ বন্ধ নকৰে, তেন্তে ইয়াতকৈও অধিক কঠোৰ পদক্ষেপ লোৱা হ’ব। ইৰানৰ আভ্যন্তৰীণ মন্ত্ৰীয়ে ইজৰাইল-আমেৰিকাৰ আক্ৰমণক তীব্র নিন্দা কৰি কয় যে আলোচনাৰ পথ প্রশস্ত হোৱাৰ সময়তে আন্তর্জাতিক নিয়ম উলংঘা কৰি আক্ৰমণ চলালে। যাৰ সমুচিত জবাদ দিবলৈ তেহৰান প্রস্তুত। ইজৰাইল-আমেৰিকাৰ সেনা অভিযানৰ বিৰুদ্ধে সর্বশক্তি প্রয়োগ কৰা হ’ব। ইয়াৰ পিছতেই ইজৰাইলত প্ৰত্যাক্ৰমণ কৰাৰ দাবী কৰে তেহৰানে। ইয়াৰ বিপৰীতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। আমাৰ ওপৰত চলাইছে। সেইদৰে দোহাতো মাতা হৈছে আক্ৰমণৰ আশংকা আছিল। সেয়েহে আত্মৰক্ষাৰ স্বাৰ্থতে আমি ইৰানৰ ওপৰত আক্ৰমণ চলাবলগীয়া হ’ল। এই আক্রমণ-প্রত্যাক্ৰমণৰ ঘটনাত বৃহৎ আন্তগাঁথনিৰ ক্ষতি হোৱাৰ লগতে বহুসংখ্যক লোকৰ প্রাণহানি ঘটাৰ সম্ভাৱনা প্রকট। অৱশ্যে বর্তমান পর্যন্ত ইয়াৰ কোনো সঠিক তথ্য পোহৰলৈ অহা নাই। তাৰ মাজতে ইৰানৰ এক সূত্ৰৰ উদ্ধৃতিৰে আন্তর্জাতিক সংবাদ সংস্থা বয়টাৰ্ছৰ বাতৰি মতে ইজৰাইল-আমেৰিকাৰ আক্ৰমণত ইৰানৰ বহুকেইজন সেনা বিষয়া আৰু শীর্ষ ৰাজনৈতিক নেতাৰ মৃত্যু হৈছে। কিন্তু এই বিষয়টো তেহৰান প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সদৰী কৰা হোৱা নাই। উল্লেখ্য যে পাৰমাণৱিক প্রকল্পক কেন্দ্ৰ কৰি ইৰান আৰু ইজৰাইল-আমেৰিকাৰ মাজত বহুদিন সংঘাত অব্যাহত আছে। এইক্ষেত্ৰত তেহৰানক মার্কিন ৰাষ্ট্ৰপতি ট্রাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে বাৰম্বাৰ সতৰ্ক কৰি আহিছিল। দুয়োখন দেশৰ তৰফৰ পৰা কোৱা হৈছিল যে ইৰানে যদি পাৰমাণৱিক প্ৰকল্পৰ ক্ষেত্ৰত নমনীয় মনোভাব নেদেখুৱায় আৰু পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ নকৰে, তেন্তে তৰ ফল ভুগিব লাগিব। ইয়াৰ মাজতে যোৱা বৃহস্পতিবাৰে আমেৰিকা আৰু ইৰানৰ প্ৰতিনিধি দলৰ মাজত ছুইজাৰলেণ্ডত এখন বৈঠক অনুষ্ঠিত হয়। কিন্তু সেই বৈঠকত কোনোধৰণৰ সমাধানসূত্র নোলাল। তেতিয়াই আমেৰিকাই কেনেধৰণৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব, সেই কথা প্ৰায় স্পষ্ট হৈ পৰিছে। তাৰ পাছতেই ইৰানৰ ওপৰত যুটীয়াভাৱে আক্রমণ চলালে ইজৰাইল-আমেৰিকাই। লক্ষণীয়ভাবে সেই সংঘাতৰ কাৰণে বিগত বৰ্ষৰ জুন মাহত ইজৰাইলৰ বিৰুদ্ধে সামৰিক অভিযান চলাইছিল ইৰানে। সেই অভিযানৰ নাম ইৰানে ‘ৰাইজিং লায়ন’ ৰাখিছিল। এইবাৰ ইৰানৰ বিৰুদ্ধে চলোৱা অভিযানৰ নাম ইজৰাইলৰ প্ৰধানমন্ত্রী নেতান্যেহুৱে নিজেই ‘লায়ন্স ৰোৰ’ ৰখা বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ। পাকিস্তান-আফগানিস্তানৰ যুদ্ধই প্রাচ্য উত্তাল কৰি ৰখাৰ সময়তে ইৰান আৰু ইজৰাইল-আমেৰিকাই চলোৱা আক্রমণ-প্রত্যাক্রমণে মধ্যপ্রাচ্যতো বজালে ৰণদামামা। আকাশ সীমা বন্ধ কৰিলে ইৰান-ইৰাক-ইজৰাইলে তেহৰানত ক্ষেপণাস্ত্র আক্ৰমণৰ পিছতেই আকাশ সীমা বন্ধ কৰি দিয়ে ইৰান আৰু ইৰাকে। অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে ইজৰাইলেও। এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি নতুন দিল্লীৰ পৰা তেল আভিভগামী এখন বিমানক মুম্বাইৰ পৰা ঘূৰাই পঠিওৱা হয়। সেইদৰে তেল আভিভৰ পৰা নতুন দিল্লীলৈ আহিবলগীয়া বিমানৰ পৰিসেৱাও ব্যাহত হৈছে বুলি জনাইছে তেহৰান ফ্লাইট ইনফৰমেচন ৰিজনে।
