ইৰাণৰ ওপৰত আমেৰিকাৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে বিক্ষোভ
ৰঙিলী বাৰ্ত্তাসেৱা- এছ ইউ চি আই (কমিউনিষ্ট)দলৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানক্ৰমে ইৰাণৰ ওপৰত আমেৰিকান সাম্ৰাজ্যবাদৰ অপ্ৰৰোচিত বৰ্বৰ সামৰিক আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন জিলাত বিক্ষোভ প্ৰদৰ্শন কৰা হয় । গুৱাহাটীৰ উপৰিও শোণিতপুৰ, লখিমপুৰ,দৰং, গোৱালপাৰা, ধুবুৰী,হাটশিঙিমাৰী-মানকাছৰ, কাছাৰ, কৰিমগঞ্জ আদি বিভিন্ন জিলাত বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰা হয় । এই উপলক্ষে গুৱাহাটীত দলৰ ভালে সংখ্যক কৰ্মী দিনৰ ১২ বজাত জি এছ ৰোডৰ ভলভ’ পইন্টত সমবেত হয় আৰু আমেৰিকান সাম্ৰাজ্যবাদ নিপাত যাওঁক,যুদ্ধ নহয় শান্তি লাগে, মাৰ্কিন সাম্ৰাজ্যবাদ ইৰাণৰ ওপৰত সামৰিক আক্ৰমণ বন্ধ কৰা, Imperialist America Hands off IRAN , যুদ্ধৰ বিৰুদ্ধে বিশ্ব জনমত গঢ়ি তোলক,দেশে দেশে যুদ্ধৰ দাৱানল সৃষ্টিকাৰী আমেৰিকা ইৰাণৰ পৰা হাত উঠোৱা, সাম্ৰাজ্যবাদী আমেৰিকাৰ ইৰাণ আক্ৰমণৰ বিৰুদ্ধে গৰ্জি উঠক ইত্যাদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে আৰু কেইবাখনো পথসভা অনুষ্ঠিত কৰে ৷আমেৰিকাৰ এই বৰ্বৰ সামৰিক আক্ৰমণৰ বিৰুদ্ধে তাৎক্ষণিকভাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিএছ ইউ চি আই (চি) দলৰ কেন্দ্ৰীয় কমিটিয়ে এক বিবৃতিত কয় যে” সকলো আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম উলংঘা কৰি, আনকি আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (আই এ ই এ)ৰ সতৰ্কবাণীকো আওকাণ কৰি আৰু শান্তিকামী বিশ্বৰ সকলো মানুহৰ মতামতক অৱজ্ঞা কৰি ইৰাণৰ ওপৰত সংঘটিত কৰা আমেৰিকান সাম্ৰাজ্যবাদৰ বৰ্বৰ সামৰিক আক্ৰমণক আমি তীব্ৰভাৱে গৰিহণা দিছো। আমেৰিকান সাম্ৰাজ্যবাদী দানৱসকলে প্ৰথমে মধ্যপ্ৰাচ্যত থকা তেওঁলোকৰ ফ্ৰণ্ট অফিচ জিয়নিষ্ট ইজৰাইলক সহায় কৰি আৰু উচটনি দি পেলেষ্টাইনৰ গাজা অঞ্চলত লাখ লাখ নিৰীহ অসহায় পেলেষ্টাইনীক হত্যা কৰি গণহত্যা সংঘটিত কৰে আৰু এতিয়া ইৰাণৰ ওপৰত অপ্ৰৰোচিতভাৱে বৰ্বোৰোচিত সামৰিক আক্ৰমণ চলাইছে যাতে ইৰাণে তেওঁলোকৰ নিৰ্দেশৰ আগত মূৰ দোৱাবলৈ বাধ্য হয় আৰু এই অঞ্চলটোৰ ওপৰত তেওঁলোকৰ আধিপত্যবাদী ষড়যন্ত্ৰ অব্যাহত ৰখাত সুবিধা হয়।কিন্তু তেওঁলোকৰ এই জঘন্য ষড়যন্ত্ৰৰ বিৰুদ্ধে ইৰাণৰ জনসাধাৰণে সাহসেৰে প্ৰতিৰোধ গঢ়ি তুলিছে। ইজৰাইলৰ সামৰিক শক্তিৰ আক্ৰমণৰ মাধ্যমেৰে ইৰাণক বশ কৰিব নোৱাৰি আমেৰিকাই এতিয়া ইৰাণৰ ওপৰত পোনপটীয়াকৈ আক্ৰমণ কৰিছে। আমি আমেৰিকান সাম্ৰাজ্যবাদী সকলক ইৰাণৰ ওপৰত চলাই থকা এই নৃশংস সামৰিক আক্ৰমণ অবিলম্বে বন্ধ কৰাৰ বাবে দাবী জনাওঁ । আমাৰ দৃঢ় অভিমত এয়ে যে, এই আক্ৰমণ কেৱল ইৰাণৰ ওপৰত আক্ৰমণ নহয়, ই সমগ্ৰ মানৱজাতি আৰু বিশ্ব শান্তিৰ ওপৰত আক্ৰমণ । আমি বিশ্বৰ সকলো শান্তিপ্ৰিয় জনসাধাৰণক ঐক্যবদ্ধ হৈ আমেৰিকান সাম্ৰাজ্যবাদী দানবৰ এনে ধৰণৰ বৰ্বোৰোচিত আক্ৰমণৰ বিৰুদ্ধে গৰ্জি উঠিবলৈ আহ্বান জনাওঁ৷