ইস্তাহাৰ প্ৰস্তুতৰ বাবে ৰাজ্যজুৰি তীব্ৰতৰ ‘ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক অভিযান
চৰাইদেউত ভিন্ন দল-সংগঠনৰ প্ৰতিনিধিক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ
ড্ৰয়িং ৰুমত বহি নহয়, জনতাৰ মতামতৰ ভিত্তিতহে ইস্তাহাৰ প্ৰস্তুত কৰা হ’বঃ প্ৰদ্যুৎ বৰদলৈ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত সমগ্ৰ অসম জুৰি ‘ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ’ অভিযানৰ যোগেদি ২০২৬চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ ইস্তাহাৰ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া তীব্ৰতৰ হৈছে। সভাপতি গৌৰৱ গগৈয়ে চৰাইদেউ জিলাত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযানৰ অংশ হিচাপে বহু দল-সংগঠনৰ প্ৰতিনিধিক সাক্ষাৎ কৰে। পৰৱৰ্তী সময়ত দলীয় নেতা-কৰ্মীৰে সাংগঠনিক মত-বিনিময়ো কৰে। ইফালে, সাংসদ ৰকিবুল হুছেইনে বঙাইগাঁও জিলাত ইস্তাহাৰৰ বাবে ৰাইজৰ মতামত সংগ্ৰহ কৰে। সাংসদ হুছেইনৰ লগত বিধায়ক আব্দুল বাতিন খণ্ডকাৰ, জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক শৰ্মা আদি উপস্থিত থাকে। প্ৰাক্তন সভাপতি ভূপেন বৰাৰ নেতৃত্বত এটা দল কাইলৈ বাক্সা জিলালৈ যাব। আনহাতে, আজি এই সন্দৰ্ভত এক সংবাদমেলত ইস্তাহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে অসমৰ প্ৰতিখন জিলাৰ ৰাইজৰ মতামতৰ ভিত্তিত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰা হ’ব। ইয়াৰ বাবে জিলাই জিলাই কংগ্ৰেছৰ প্ৰতিনিধি দলে ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ যাত্ৰাৰ জৰিয়তে ৰাইজৰ মতামত গ্ৰহণ কৰিছে। এই যাত্ৰাত ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰা বুলিও কয় নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ অধ্যক্ষ তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। ”আমি ৰাজীৱ ভৱনত বহি অমুক কৰিম, তমুক কৰিম বুলি কৈ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব বিচৰা নাই। সেয়ে আমি ৰাইজৰ মাজলৈ গৈছো। আমি ৰাইজৰ সমুখত ভাষণ দিবলৈ যোৱা নাই। ৰাইজৰ মনৰ কথা শুনিবলৈহে গৈছো।’’-এইদৰে কয় প্ৰদ্যুৎ বৰদলৈয়ে। ৬ ডিচেম্বৰৰ পৰা কেবাটাও পৰ্যায়ত আৰম্ভ হোৱা ‘ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক অভিযানৰ সামৰণি পৰ্ব অহা ১০ আৰু ১১ জানুৱাৰীত গুৱাহাটীত সম্পন্ন কৰা হ’ব বুলিও সংবাদমেলত বৰদলৈয়ে জানিবলৈ দিয়ে। বৰদলৈয়ে কয় যে এই অভিযানকালত অসমৰ বিভিন্ন দল-সংগঠনৰ ১০০০ৰো অধিক প্ৰতিনিধিৰ সৈতে মত-বিনিময় কৰা হৈছে। ”আমাৰ ইস্তাহাৰ দিল্লীৰ পৰা জাঁপি দিয়া ইস্তাহাৰ নহয়। আমি দিল্লীত বহি বা ড্ৰয়িং ৰুমত বহি ইস্তাহাৰ প্ৰস্তুত কৰাৰ কথা ভাবিবই নোৱাৰো। অসমে কি বিচাৰে সেইটো যাতে ইস্তাহাৰত প্ৰতিফলিত হয় তাৰ বাবে ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ আমি মতামত লৈছো। সেই মতামতৰ ভিত্তিত আমি জনতাৰ বাবে জনতাৰ ইস্তাহাৰ প্ৰস্তুত কৰিবলৈ ওলাইছো।’’-বৰদলৈয়ে কয়। একেদৰে নগাঁও জিলাতো আজি প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ নেতৃত্বত এটা দলে ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ অভিযানত অংশগ্ৰহণ কৰি ইস্তাহাৰৰ বাবে ৰাইজৰ মতামত গ্ৰহণ কৰে। বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিন লগত বাৰ্তালাপ কৰা এই দলটোত বিধায়ক নুৰুল হুদা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, এতোৱা মুণ্ডা আৰু জিলা কংগ্ৰেছৰ সভাপতিকে ধৰি প্ৰতিনিধিসকল উপস্থিত থাকে।
